গোৱালপাৰাত 'আপ'ৰ সাংগঠনিক সভা

বুথৰ পৰা জিলা পৰ্যায়লৈ সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত
গোৱালপাৰাত 'আপ'ৰ সাংগঠনিক সভা
Published on
Updated on

ডিজিটেল সংবাদ, গোৱালপাৰা : আম আদমি পার্টী গোৱালপাৰা জিলা কর্মকর্তাসকলৰ উদ্যোগত এখন সাংগঠনিক সভা দেওবাৰে বলবলা পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। দলটোৰ গোৱালপাৰা জিলাৰ সক্রিয় কর্মী জিন্না আমিৰ হুছেইন আৰু জাহিদ ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত দলটোৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰক সম্বর্ধনা জনোৱা হয়।

সভাপতিগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাখনত তৃণমূল পৰ্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ উপস্থিত কর্মীসকলক আহ্বায় জনায়। লগতে আগন্তুক পঞ্চায়ত নির্বাচনত গোৱালপাৰা জিলাৰ সকলো পঞ্চায়ততে তেওঁলোকৰ প্রার্থী প্রক্ষেপ কৰিব বুলি মতপ্রকাশ কৰে।

সভাখনত 'আপ'ৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ আৰু মামুন ইমদাদুল হক চৌধুৰীৰ উপস্থিতিত জিলাখনৰ অর্ধশতাধিক লোকে দলৰ নীতি-আদৰ্শৰ প্রতি গভীৰ আস্থা ৰাখি আপত যোগদান কৰে। ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে যোগদান কৰা সকলোকে দললৈ আদৰণি জনায়।

গোৱালপাৰাত 'আপ'ৰ সাংগঠনিক সভা
গুৱাহাটীত অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলৰ প্ৰশিক্ষণ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in