বিকাশৰ নামত প্ৰকৃতি ধ্বংসকলৈ উদ্বিগ্ন অভিনেতা আদিল হুছেইন

বিকাশৰ নামত প্ৰকৃতি ধ্বংসকলৈ উদ্বিগ্ন অভিনেতা আদিল হুছেইন
Published on
Updated on

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাত উপস্থিত প্ৰখ্যাত অভিনেতা আদিল হুছেইন। ৰাজ্যখনৰ লগতে গোৱালপাৰাত পথ সম্প্ৰসাৰণ আৰু ঔদ্যোগিক বিকাশৰ নামত এফালৰ পৰা গছকাটি তহিলং কৰাত ক্ষুণ্ণ হৈ পৰিছে অভিনেতা গৰাকী।

বিশিষ্ট অভিনেতা গৰাকীয়ে প্ৰকৃতি ৰক্ষাৰ বাবে সাংবাদিকৰ আগত কয় যে, পৃথিৱীত মানুহৰ পূৰ্বে প্ৰকৃতি বা গছ-গছনিৰহে সৃষ্টি হৈছে। মানুহ পিছতহে আহিছে।পৰিৱেশতন্ত্ৰক ধ্বংস কৰিব নালাগে। গছবোৰত চৰাই, সাপ, বিভিন্ন কীট-পতংগই বাস কৰে। গছ কাটিলে এই সমগ্ৰ তন্ত্ৰটোৰ ওপৰত প্ৰভাৱ পৰিব। বিকাশৰ বা উন্নয়নৰ নামত পৰিৱেশ‌ ধ্বংস কৰটো উচিত নহয়।

জিলাখনৰ প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে সৰৱ হৈ অভিনেতাগৰাকীয়ে কয় যে, উদ্যোগিকৰণ বা যিকোনো বিকাশৰ চিন্তা কৰাৰ আগতে প্ৰকৃতিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ চিন্তা আগতে কৰিব লাগিব। অকল গোৱালপাৰা জিলাৰ ক্ষেত্ৰতে নহয় সমগ্ৰ দেশতে বিকাশৰ পূৰ্বে এই চিন্তা কৰিব লাগিব। গছ-গছনি কাটি বিকাশৰ কথা চিন্তা কৰিলে নহ'ব বুলিও তেওঁ সংবাদ মাধ্যমত সৰব হৈ পৰে।

প্ৰকৃতি ৰক্ষা কৰি উন্নয়ন কৰাটো সহজ কাম নহয় যদিও প্ৰকৃতিক যিমান সম্ভৱ নিজস্ব নিয়মত চলিব দিব লাগে। প্ৰকৃতিৰ যি সৰল নিয়ম বা আইন তাক পৰাপক্ষত ভংগ কৰিব নালাগে। কেনেকৈ প্ৰকৃতিৰ নুন্যতম ক্ষতি কৰি উন্নয়ন বা ঔদ্যোগিক বিকাশ কৰিব লাগে তাৰ চিন্তা কৰিব লাগে বুলি উল্লেখ কৰি অভিনেতা গৰাকীয়ে কয়, "আমি আজি আছো কাইলৈ মৰি যাম, কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিবই। অন্যথা নতুন প্ৰজন্মই আমাক জবাবদিহি কৰিব,আমাক অভিশাপ দিব।প্ৰকৃতি ধ্বংস কৰটো মুৰ্খামিৰ কাম। প্ৰকৃতি ৰক্ষা কৰি আমি প্ৰথমে নিজে বাচি থাকিব লাগিব"। মানৱ জাতি মৰি গ'লে পৃথিৱীখন সুন্দৰকৈ নিজস্ব নিময়ত চলিব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

চলচ্চিত্ৰ নিৰ্মাতা সকলে কেৱল বাণিজ্যিক চলচ্চিত্ৰ বনোৱাত ব্যস্ত থাকে, প্ৰকৃতি ৰক্ষাৰ ওপৰত চলচ্চিত্ৰ বনাবলৈ আহৰি নাপায় বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰকৃতি ৰক্ষাৰ ওপৰতো চলচ্চিত্ৰ নিৰ্মাণ কৰি দায়িত্ব পালন কৰাৰ আহ্বান অভিনেতা গৰাকীৰ।

গোৱালপাৰা জিলাকে ধৰি ৰাজ্যৰ ভয়াৱহ হাতী-মানুহৰ সংঘাতক লৈও তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে। মাটিয়া-মৰনৈত ঔদ্যোগিক কেন্দ্ৰ স্থাপনৰ নামত আৰু ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত হেজাৰ হেজাৰ গছ খাস্তাং কৰাটো ভাল কথা হোৱা নাই বুলি অভিনেতাগৰাকীয়ে মন্তব্য কৰে।

লগতে চৰকাৰী চাকৰিয়ালে দ্বিতীয় বিবাহ কৰিলে চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক তেওঁ সমৰ্থন কৰি কয় "স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত তৃতীয় পক্ষ অহাটো উচিত নহয়"।

উল্লেখযোগ্য যে শেহতীয়াকৈ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত ভয়াৱহ হৈ পৰিছে। বিগত ৫টা বৰ্ষত গোৱালপাৰা জিলাত শিশুসহ মুঠ ৯৮ জন লোকে বনৰীয়া হাতীৰ আক্ৰমণ প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে অৰ্ধ শতাধিক আহত হৈছে। সেইদৰে বিভিন্ন কাৰণত জিলাখনৰ চাৰিওখন আঞ্চলিক বন এলেকাত ৫টা বছৰত নিহত হৈছে মুঠ ২২টা বন্যহস্তীৰ।

অশনি সংকট নামিছে ব্ৰহ্মপুত্ৰকে ধৰি দুধনৈ, কৃষ্ণাই আৰু মৰনৈ নদীৰ প্ৰতি। নদী জীৱন, নদী আবেগ, ই অসমীয়াৰ আয়ুস ৰেখা। কিন্তু গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিক হাৰত শুকাই তলি ওলায় প্ৰতিবছৰে। এইবছৰ ই আগতীয়াকৈ শুকাবলৈ লৈছে।

এনে পৰিপ্ৰেক্ষিতত অনাগত দিনত কৃষিকাৰ্যত ব্যাপক প্ৰভাৱ পৰাৰ আশংকাত ভূগিছে নৈপৰীয়া কৃষিজীৱী ৰাইজ। মাটিয়া- মৰনৈত ঔদ্যোগিক বিকাশ আৰু ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত দহিকটা সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰা হৈছে। ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত অকল গোৱালপাৰা জিলা বন সংমণ্ডলৰ অধীনত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দাঁতিৰ ১০ সহস্ৰাধিক শাল আৰু অইন গছ কটাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে ৪০ শতাংশ গছ কটা হৈছে।

বিকাশৰ নামত প্ৰকৃতি ধ্বংসকলৈ উদ্বিগ্ন অভিনেতা আদিল হুছেইন
বিশ্বকাপত আজি ভাৰত বনাম ইংলেণ্ড, স্পিনাৰৰ বাবে নে ছিমাৰৰ বাবে একানাৰ পীটছ ? জানি লওঁক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in