ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰা চহৰৰ ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ তদন্তত গোৱালপাৰা আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়ী গোৱেলক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰাৰ পিচতেই এই দুই অভিযুক্ত হত্যাকাৰী অন্তৰ্ধান হৈছিল।
গোৱালপাৰা আৰক্ষীয়ে দেওবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত দুই অভিযুক্তৰ সন্ধানত কাষৰীয়া ৰাজ্য মেঘালয়ত এক অভিযান চলায়। মেঘালয় আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত আৰক্ষীয়ে দুই অভিযুক্ত হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আটক কৰে।
দুয়োকে আটক কৰাৰ অন্তত পোনে পোনে গোৱালপাৰালৈ অনা হয়।দুয়োকে সোধ-পোছৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোমবাৰে আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰীদ্বয়ক গোৱালপাৰা ন্যায়িক আদালত হাজিৰ কৰোৱা হয়।পাচত আদালতে দুই অভিযুক্ত হত্যাকাৰীক ৭দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।আৰক্ষীৰ এক সূত্ৰ মতে অভিযুক্ত হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাৰ বিৰুদ্ধে পূৰ্বেও অপৰাধ কাৰ্য সংঘটিত কৰাৰ তথ্য আছে।
এই দুই অভিযুক্ত হত্যাকাৰীয়ে ব্যৱসায়ী অশোক গোৱেলক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰা বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছে।স্মৰ্তব্য যে ১৪ জুলাইত গোৱালপাৰাত ব্যৱসায়ী অশোক গোৱেলক ৰাজপথৰ ওপৰত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰি হত্যাকাৰীৰ দলটো পলায়ন কৰিবলৈ সক্ষম হৈছিল।নিজ পুত্ৰৰ সৈতে জিলাখনৰ ধূপধৰাৰ পৰা গোৱালপাৰা চহৰ অভিমুখে আহি থকা অৱস্থাতে কল্যাণপুৰ-গোৱালপাৰা সংযোগী পথত দুৰ্বৃত্তৰ দল এটাই অশোক গোৱেলৰ বাহনক আগভেটি ধৰি পুত্ৰৰ সন্মুখতে শূণ্য দূৰত্বৰ পৰা গোৱেলক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।
উক্ত ঘটনাৰ নিশাই অশোক গোৱেলৰ গাড়ী চালকক আচান আলীক সোধ-পোছৰ কাৰণে আৰক্ষীয়ে আটক কৰিছিল।তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ১৬জুলাইত বলদমাৰী চৰৰ নিজ বাসগৃহৰ পৰা হত্যাকাৰী দলৰ গাড়ী চালক জাহিদুল ইছলামক আটক কৰে।১৭জুলাইৰ নিশা দুই অভিযুক্ত চালক আচান আলী আৰু জাহিদুল ইছলাম আৰক্ষীৰ একাউণ্টাৰত আহত হয়।
গুলীবিদ্ধ দুই চালক চিকিৎসালয়ত ভৰ্তি হৈ আছে। দুয়োকে জেৰাৰ অন্তত আৰক্ষীয়ে গোৱেল হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়। টকাৰ বাবেই ব্যৱসায়ী গোৱেলক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰা বুলি আৰক্ষী প্ৰায় নিশ্চিত হোৱাৰ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰিবলৈ সক্ষম হয়। ইয়াৰে বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল যদিও ৰফিকুল নামৰ আন এজন অভিযুক্ত বৰ্তমানেও পলাতক।