কৃষ্ণাইত এটকা-দুটকা খুচুৰা পইচাৰে ক্ৰয় কৰিলে সপোনৰ বাহন

কৃষ্ণাইত এটকা-দুটকা খুচুৰা পইচাৰে ক্ৰয় কৰিলে সপোনৰ বাহন
Published on
Updated on

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ক্লাচিক টি ভিএছ শ্ব’ৰূমত এটকা-দুটকা,পাঁচ টকা খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন স্কুটী।যুৱকজনৰ নাম হানিফা আহমেদ।

যুৱক হানিফা আহমেদৰ সপোন আছিল এখন স্কুটী ক্ৰয় কৰা।কৈলাশাস্ত্ৰ গাওঁৰ ক্ষুত্ৰ ব্যৱসায়ী হানিফা আহমেদে বিগত তিনিটা বছৰ ধৰি ঘৰতে জমা কৰিছিল খুচুৰা পইচা।বুধবাৰে যুৱজন হাতত খুচুৰা পাইচাৰ মোনা এটা লৈ উপস্থিত হৈছিল শ্ব’ৰূমত।

যুৱকজনে শ্বৰূমত স্কুটীৰ দাম-দৰ কৰাৰ অন্তত পছন্দ হ’ল টিভিএছ এনট্ৰক নামৰ স্কুটীখন। কথামতে এইবাৰ আগধন দিয়াৰ কথা।যুৱকজনে আগধন দিয়াৰ বাবে হাতত ল'লে লগত নিয়া মোনাখন।

পিচত যুৱকজনে শ্ব'ৰূমৰ মজিয়াতে ঢালি দিলে মোনাত থকা খুচুৰা পাইচা।খুচুৰা পইচাৰ দম চাই প্ৰথম অৱস্থাত শ্ব’ৰূমৰ কৰ্মচাৰীসকল উচপ খাই উঠিছিল যদিও পিচত বুজি পালে।

অৱশেষত শ্ব’ৰূমৰ কৰ্মচাৰীসকলে মজিয়াতে বহি লৈ খুচুৰা পাইচা গণনা কৰিবলৈ ধৰিলে।খুচুৰা পইচা গণি গণি শ্ব’ৰূমৰ কৰ্মচাৰীসকল ভাগৰি পৰিছিল যদিও এই ব্যতিক্ৰমি গ্ৰহকজনক পাই সুখী বুলি জানিবলৈ দিয়ে।

শেষত যুৱকজনে ৫০ হেজাৰ খুচুৰা টকা আগধন দি স্কুটীখন ক্ৰয় কৰি হানিফা আহমেদে আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হয়। জানিব পৰামতে হানিফাই স্কুটীখনেৰে নিজৰ একমাত্ৰ ল’ৰাটিক বিদ্যালয়ত অনা-নিয়া কৰাৰ লগতে নিজৰ দোকানৰ সামগ্ৰী টানিব।

শ্ব’ৰূমৰ স্বত্বাধীকাৰ ছফিকুল ইচলামে জানিব লৈ দিয়ামতে ‘আমাৰ ইয়াত সাধাৰণতে গাড়ী ক্ৰয় কৰিবলৈ নগদ টকা বা চেক অথবা বেংকৰ জৰিয়তে গ্ৰহক আহে।কিন্তু এইবাৰ ব্যতিক্ৰম এগৰাকী গ্ৰহক আহিল। এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে কৃষ্ণাইস্থিত ক্লচিক টিভিএছ শ্ব’ৰূমত আহিল খুচুৰা পইচা দি গাড়ী ক্ৰয় কৰা প্ৰথমগৰাকী গ্ৰাহক বুলি স্বত্বাধীৰগৰাকীয়ে নিজৰ মনৰ কথা ব্যক্ত কৰে।

কৃষ্ণাইত এটকা-দুটকা খুচুৰা পইচাৰে ক্ৰয় কৰিলে সপোনৰ বাহন
বিকল হেলিকপ্টাৰৰ ইঞ্জিন : প্ৰাণ ৰক্ষা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in