ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ..

ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ..

author-image
Asomiya Pratidin
New Update
টকা লোৱাৰ আগত সাৱধানঃ লাখে লাখে ওলাইছে নকল টকা...

ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ..

ডিজিটেল ডেস্কঃ ধন দাবীত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগত অভিযুক্ত গোৱালপাৰাৰৰ আৰক্ষী বিষয়াসহ ৪ জনৰ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। ৰিজাৰ্ভ ক্ল'জ কৰা এই আৰক্ষী বিষয়া তথা জোৱানসকল ধুমেৰঘাট আৰক্ষী চকীৰ।

ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু বৰুৱাৰ লগতে জোৱান পিংকু বৰুৱা, ৰকিবুল ইছলাম আৰু সুকুমাৰ বৰ্মন। এই আৰক্ষী বিষয়া, জোৱানসকলৰ বিৰুদ্ধে অভিযোগ উঠিছে জুৱাৰীৰ সৈতে মিলি টকাৰ বিনিময়ত জুৱা পতাৰ অনুমতি প্রদান কৰা।

ইয়াৰোপৰি দাবী কৰা ধন নিদিয়াৰ বাবে জোৱাৰীক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছে।

অসম আৰক্ষী