লাখ টকাৰ পুৰস্কাৰেৰে আয়োজন বৰশী বোৱা প্ৰতিযোগিতা

লাখ টকাৰ পুৰস্কাৰেৰে আয়োজন বৰশী বোৱা প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল সংবাদ, ধূপধৰাঃ মাছ ধৰাৰ প্ৰতি যিসকলৰ বিশেষ ৰাপ আছে, তেওঁলোকৰ বাবে এটি সুখবৰ । আন ৰাজ্যৰ দৰে সম্প্ৰতি অসমতো জনপ্ৰিয়তা অৰ্জন কৰা বৰশী বোৱা প্ৰতিযোগিতা এইবাৰ গোৱালপাৰা জিলাৰ ধূপধৰাতো আয়োজন কৰিবলৈ দিহা কৰা হৈছে। অহা ৩০ ছেপ্টেম্বৰ তাৰিখে ধূপধৰাৰ সমীপৰ লাউডোবাত লাউডোবা মীন পালন সমবায় সমিতিৰ উদ্যোগত বৃহৎ আয়োজনেৰে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

লাউডোবাৰ দুৰ্গা মন্দিৰ প্ৰাংগনৰ ওচৰতে থকা বাইশ বিঘা দৈৰ্ঘৰ এটা বৃহৎ পুখুৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে এই মাছ ধৰা প্ৰতিযোগিতা পুৱা ৯বজাৰ পৰা আবেলি দুই বজালৈ অনুষ্ঠিত হ'ব ৷ ফ্ৰী ষ্টাইল হুক বৰশীৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিযোগীসকলে নিজাকৈ বৰশী আনিব লাগিব আৰু কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব ৷

প্ৰতিযোগিতাৰ ভৰ্তি মাছুল ৩হেজাৰ টকা ধাৰ্য কৰা হৈছে । উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত যিজন প্ৰতিযোগীয়ে সৰ্বোচ্চ ওজনৰ মাছটো ধৰিব পাৰিব তেওঁৱে প্ৰথম পুৰস্কাৰ লাভ কৰিব ৷ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰাৰ লগতে শ্বিলং তথা মেঘালয়ৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ পৰাও প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব দিছে ।

উল্লেখ্য যে, প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ'ল- প্ৰথম পুৰস্কাৰ ৪লাখ টকা, দ্বিতীয় ২লাখ টকা, তৃতীয় ১লাখ টকা, চতুৰ্থ ৫০হেজাৰ টকা আৰু নিচুকনি হিচাপে ১০হেজাৰ টকাকৈ ৪০টা পুৰস্কাৰ ৷ প্ৰতিযোগিতাৰ বিতং তথ্য তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগীসকলে ৮৬৩৮৮৬২৬০৬, ৯৭০৭৫৯৯২৮৬, ৬০০০৭৩১৮৭৮, ৮৭২১৯৯৯৪৯৬, ৭০০২৮৮৯১৩০ আৰু ৯৫৭৭৮৫১৬১২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লাখ টকাৰ পুৰস্কাৰেৰে আয়োজন বৰশী বোৱা প্ৰতিযোগিতা
চীনৰ "ষ্টেণ্ডাৰড মেপ"ত অৰুণাচল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in