বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী

বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী
Published on
Updated on

ডিজিটেল সংবাদ, গোৱালপাৰা:বি জে পি‌ নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।অবৈধ প্ৰেমৰ সম্পৰ্কৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সোমবাৰে আৰক্ষীয়ে সংবাদ মেল যোগে প্ৰকাশ কৰিছে।কিন্তু পৰিয়ালৰ লোকে অবৈধ প্ৰেমৰ কাহিনীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে।

পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবী জনাইছে।এই সংক্ৰান্তত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক সমালোচনা কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মৃতদেহ নিক্ষেপ কৰিছিল। পাচত চি আই ডি আৰু গোৱালপাৰা আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি অভিযুক্ত হত্যাকাৰী হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্তক জেৰাৰ অন্তত আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰিছিল।সংবাদ মেলখনত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কৈছিল যে জোনালী নাথৰ সৈতে হাছানুৰ ইছলামৰ প্ৰায় দীৰ্ঘ দিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক চলি আছিল।হাছানুৰে অলপতে অন্য এগৰাকী যুৱতীৰে সামাজিকভাৱে বিবাহ পঞ্জীয়ন কৰে।ইয়াকে লৈ জোনালী আৰু হাছানুৰৰ মাজত সংঘাত সৃষ্টি হৈছিল।

হত্যাকাণ্ড সংঘটিত হোৱা দেওবাৰে নিশাতো দুয়োৰে মাজত বাক-বিতণ্ডাৰ সষ্টি হৈছিল। চলন্ত গাড়ীৰ ভিতৰতে আৰম্ভ হোৱা বাক-বিতণ্ডা এটা সময়ত উগ্ৰ ৰূপ ধাৰণ কৰাত হাছানুৰে জোনালীৰ ডিঙিত উপৰ্যুপৰি ঘোঁচা সোধায়।তদুপৰি জোনালীৰ ডিঙিত নখৰ আঘাতৰ চিন পোৱা বুলিও সংবাদ মেলখনত সদৰি কৰে আৰক্ষীয়ে।

চলন্ত গাড়ীৰ ভিতৰত মাৰপিটৰ ফলত জোনালীৰ মূৰত আঘাত পাই মৃত্যুবৰণ কৰে।পাচত হাছানুৰে গাড়ীৰ পৰা জোনালীৰ মৃতদেহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিক্ষেপ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল হাছানুৰে।

মন কৰিবলগীয়া বিষয় জোনালী নাথ গোৱালপাৰা জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা হিচাপে সাংগঠনিক কাম-কাজৰ চলোৱাৰ সমান্তৰালকৈ গাঁও মাটিয়া পঞ্চায়তৰ সদস্যা হিচাপেও নিৰ্বাচিত হৈছে। সেইদৰে অভিযুক্ত হাছানুৰ ইছলাম কংগ্ৰেছ দলৰ এগৰাকী নেতা তথা গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্য।সেই সূত্ৰে জোনালী আৰু হাছানুৰে মাটিয়া উন্নয়ন খণ্ডত একেলগে মেল-মিটিং,কাম-কাজ কৰে।

কৰ্মসূত্ৰে মিল থাকিলেও দুয়োৰে মাজত বয়সৰ বিশাল ব্যৱধান আছে।জোনালী নাথৰ বয়স প্ৰায় ৪২বছৰ।আনহাতে হাছানুৰৰ বয়স মাত্ৰ ২৬বছৰমান।ইয়াৰ পিচতো দুয়োৰে মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা বুলি চি আই ডি'ৰ ভাষ্যত প্ৰকাশ।

আৰক্ষীয়ে সংবাদ মেলখনত প্ৰকাশ কৰা অবৈধ প্ৰেমৰ কাহিনীক পৰিয়ালৰ লোকে পোনচাটেই নস্যাৎ কৰি কৰিছে। জোনালী নাথৰ স্বামী চন্দ্ৰ নাথে সোমবাৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়--''হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত ভাল পাইছোঁ।কিন্তু আই জি পি ছাৰে যিটো প্ৰেছমিট দিছে,মই একেবাৰে সন্তুষ্ট নহয়।পছন্দ কৰা নাই।একেবাৰে মিছা কথা, একেবাৰে ভুল কথা কৈছে।গতিকে মই চি বি আই তদন্ত বিচাৰিছোঁ।

মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিলোঁ-চি বি আই তদন্ত কৰি সত্যতা বাহিৰ কৰক।তেওঁলোকে মিছা কথা কৈছে, আৰু আমাৰ পৰিয়ালটোক মাৰ্ডাৰ কৰি দিলে।জোনালীক মাৰ্ডাৰ কৰিলে আৰু এতিয়া আমাকো মাৰ্ডাৰ কৰিলে।আজি আমাৰ ডাঙৰ ছোৱালীৰ ১৮ বছৰ বয়স হৈছে,তাইৰ মান-সন্মান নাই নেকি? তাই কলেজৰ হোষ্টেলত থাকে।তাইৰ লগৰ বান্ধৱীক কেনেকৈ মুখ দেখাব যে তোৰ মাৰ চৰিত্ৰ বেয়া।

এজন ডাঙৰ শিক্ষিত মানুহ আই জি পি ছাৰে আজি এইটো কি কৰিলে? আপুনি কিয় আছামীজনৰ কথামতে এই কামটো কৰিলে?'সেইদৰে মাতৃ বিয়োগত ম্ৰিয়মান হৈ পৰা জোনালী নাথৰ বৰজীয়ৰীয়ে মতামত ব্যক্ত কৰি কয়-প্ৰেমিক-প্ৰেমিকা এইবিলাক কিবাকিবি যোৱাকালি আই জি পি-এছ পি চাৰে প্ৰকাশ কৰিছে।

এইবিলাক একো সঁচা নহয়।তেওঁলোকে ভুল ইনভেষ্টিগেচন কৰিছে।মোৰ মায়ে মোক জন্ম দিছে।ইমান দিনে মই মোৰ মাৰ লগত আছোঁ।এইবিলাক মায়ে কেতিয়াও কৰিব নোৱাৰে।এইবোৰ হ'বই নোৱাৰে।কিয়নো পাপাই ২৭ বছৰ ধৰি সংসাৰ কৰিলে।পাপাই কান্দি কান্দি পাগল হৈ গৈছে।সকলোৱে বেয়া কমেণ্ট কৰি আছে।মানুহটো মৰহি গ'ল।

এতিয়া আমাক মাৰ্ডাৰ কৰাৰ নিচিনা হৈছে।মৰি যোৱা মানুহটো শান্তি নাপালে।যোৱাকালি চি আই ডিয়ে যি ইনভেষ্টিগেচন কৰিলে সেইটো ভুল ইনভেষ্টিগেচন কৰিলে।এজন মানুহে অপৰাধ অলৰেডী কৰিছে,তেওঁৰ কথা কেনেকৈ বিশ্বাস কৰিলে?সেইকাৰণে অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰীয়ে মহোদয়ে চিবিআই তদন্ত দিয়ক।''

ইপিনে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে মঙলবাৰে জোনালী নাথৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। প্ৰতিনিধি দলটোত সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক যোগী অৰবিন্দ নাথ,গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ নাথ , জিলা নাথ যোগী মহিলা সন্মিলনীৰ সভানেত্রী জয়ন্তী নাথ,কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্টু নাথ লগতে একাংশ নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক যোগী অৰবিন্দ নাথে আৰক্ষীক সমালোচনা কৰি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়--''কালি যেতিয়াই প্ৰেছ কনফাৰেন্সখন তেওঁলোকে সম্বোধন কৰিছিলে তেতিয়াই আমি স্পষ্ট হৈছিলোঁ যে এই গোটেই পৰিকল্পিত হত্যাকাণ্ডটোক অন্য দিশত লৈ যাব ধৰা হৈছে।কাৰণ তদন্ত সঠিক নোহোৱাকৈ কেতিয়াও এগৰাকী আই জি পিয়ে প্ৰেছমিট দিব নোৱাৰে।কাৰণ তদন্ত যেতিয়া হ'ব তেতিয়াহে গোটেই কথাখিনি ওলাই পৰিব।

সঠিক তদন্ত নোহোৱাকৈ তেওঁলোকে ঘোষণা কৰিলে যে এইটো প্ৰেমজনিত কাৰণ।আৰু এই কথাটো কোৱাৰ লগে লগে পৰিয়ালটোৰ মাজত কি প্ৰভাৱ পৰিব পাৰে, সেই কথাটো আইজিপি গৰাকীয়ে হয়তো জনা নাই।গতিকে আমি প্ৰেছ কনফাৰেন্সখন যিখিনি কথা কৈছিলে আই জি পি গৰাকীয়ে, সেই কথাখিনি যাতে তেওঁলোকে উভতাই লয়, সেই কথাখিনি যে ভিত্তিহীন,সেই কথাখিনিক তেওঁলোকক আমি উভতাই লবৰ কাৰণে আহ্বান জনাইছোঁ''। তদুপৰি সংঠনটোৰহৈ তেওঁ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰ, পাৱাৰ হাউচত সোমাল পানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in