ডিজিটেল সংবাদ ধূপধৰাঃ গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত আৰু স্থানীয় কৃষক ৰাইজৰ সহযোগত বুধবাৰে ধূপধৰাৰ কোঠাকুঠি হীৰাপাৰাত কাতি বিহু পালন কৰাৰ লগতে বিভাগীয় আঁচনিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয় ৷ হীৰাপাৰাৰ শ্ৰী শ্ৰী গৰক্ষ নাথ ঠাকুৰ মন্দিৰ প্ৰাংগনত পালন কৰা এই অনুষ্ঠান উপলক্ষে আয়োজিত সভাত সভাপতিত্বত কৰে কোঠাকুঠি গাঁও পঞ্চায়তৰ সভাপতি উৎপল ৰাভাই ৷
সভাত সহকাৰী কৃষি সঞ্চালক দীপক পাঠকে অসম চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ৷ আনহাতে গোৱালপাৰা মহকুমা কৃষি বিষয়া বগাৰাম বড়োই আঁচনি সন্দৰ্ভত কয় যে -কেৱল ধান খেতি কৰি থাকিলে কৃষকৰ আয় বৃদ্ধি নহ’ব৷ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবৰ বাবে কৃষি বিভাগৰ আঁচনি গ্ৰহণ কৰি ধান খেতিৰ উপৰিও বছৰটোত অন্য বিভিন্ন ধৰণৰ খেতি কৰিব পাৰিলেহে কৃষকৰ আয় দুগুণ বৃদ্ধি হ’ব ৷
এই সভাতে স্থানীয় কেবাগৰাকী কৃষকক বিভিন্ন কৃষি সামগ্ৰীৰ লগতে বীজ বিতৰণ কৰা হয় ৷ সজাগতা সভাত দুধনৈ মহকুমা কৃষি বিষয়া দীপক ডেকা, কৃষি অভিযন্তা নিবাৰণ দাস, বিকালী কৃষি উন্নয়ন বিষয়া পলাশ লোচন বৰঠাকুৰ, ৰংজুলি কৃষি উন্নয়ন বিষয়া বিপুল নাথৰ উপৰি আন কৃষি বিষয়াসকল আৰু ৰাভা হাছং পৰিষদৰ সাধাৰণ পাৰিষদ মাইজনী ৰাভা, বিশিষ্ট খেতিয়ক গুৰেন ৰাভা, সমাজকৰ্মী ধ্বজেন পাটগিৰী আদি উপস্থিত থাকে ৷
ইফালে সন্ধিয়া তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ উপৰি শৰাই নিবেদন কৰা হয় ৷ ইয়াৰ উপৰি ধাননি পথাৰত বন্তি প্ৰজ্বলন আৰু আকাশ বন্তি উত্তোলন কৰা হয় ৷