কৃষ্ণাই বন কাৰ্যালয়ত পুনৰ অঘটন: এইবাৰ শাল গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু...

কৃষ্ণাই বন কাৰ্যালয়ত পুনৰ অঘটন: এইবাৰ শাল গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ, কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাইত পুনৰ সংঘটিত হ’ল আন এক মৰ্মান্তিক ঘটনা। এইবাৰ শাল গছৰ ডাল পৰি অকালতে মৃত্যুক সাৱটি ল’লে এগৰাকী বনকৰ্মীয়ে। নিহত বনকৰ্মী গৰাকীৰ নাম ৰজব আলী (৫২) বুলি জানিব পৰা গৈছে।

ঘটনাৰ আঁত ধৰি জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৯ বজাত কৃষ্ণাই অঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা বনকৰ্মীৰ দল এটাই গোধাৰবড়ীত গছ কাটিবলৈ যায়। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ইতিপূৰ্বে বন বিভাগে চিহ্নত কৰা গছবোৰ কাটি থকা অৱস্থাত এই কৰুণ ঘটনাটি সংঘটিত হয়। বন বিভাগৰ সূত্ৰ এটাই জানিবলৈ দিয়া মতে গোধাৰবড়ীত ১৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা এডাল শাল গছ বনকৰ্মীৰ দলটোয়ে কাটি গছডাল টুকুৰা কৰাত ব্যস্ত হৈ পৰে। ঠিক তেনে অৱস্থাতে নিচেই কাষতে থকা শাল গছ এডালৰ এটা ডাল ওপৰৰ পৰা বনকৰ্মী ৰজব আলীৰ মূৰত আহি পৰে। ডালৰ আঘাতত বনকৰ্মীজনৰ মূৰ ফালি যোৱাত মুখ আৰু নাকেৰে তেজ ওলাবলৈ ধৰে।

লগে লগে বনকৰ্মীজনক গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত নাৰ্চিংহোমত লৈ যোৱা হয় যদিও চিকিৎসকে বনকৰ্মীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। পিছত এই সন্দৰ্ভত আগিয়া থানাত এটা গোচৰ ৰুজো কৰা হয়। আৰক্ষীয়ে মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত পৰিয়ালক চমজাই দিয়ে। আবেলি পৰিয়ালে মৃতকৰ শেষকৃত্য সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।

নিহত বনকৰ্মীজনৰ ঘৰ ফফংগা গাওঁ পঞ্চায়তৰ গোধাৰবড়ী গাঁৱত। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৩০ মে'ত কৃষ্ণাই মধ্য বনাঞ্চলৰ অন্তৰ্গত শালপাৰা-দ্বাৰাপাৰা সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ আক্ৰমণত ৰাজবী আহমেদ নামৰ এজন বনকৰ্মী নিহত হোৱাৰ লগতে আন তিনিজন বনকৰ্মী গুৰুত্বভাবে আহত হৈছিল।

কৃষ্ণাই বন কাৰ্যালয়ত পুনৰ অঘটন: এইবাৰ শাল গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু...
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in