দুধনৈৰ পৰিদৰ্শন বঙলাত বিৰুবালা ৰাভাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা...

দুধনৈৰ পৰিদৰ্শন বঙলাত বিৰুবালা ৰাভাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা...

Published on

ডিজিটেল সংবাদ,দুধনৈ : ডাইনী সন্দেহ, অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ওৰেতো জীৱন যুঁজ দি অহা ন'বেল বঁটাৰ বাবে মনোনীত তথা পদ্মশ্ৰী ড৹ বিৰুবালা ৰাভাৰ মৃত্যুত শোকস্তব্ধ দুধনৈ । সোমবাৰে পুৱা ৯-২৩ বজাত সাহসী নাৰী ড৹ বিৰুবালা ৰাভা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ নিজ গৃহ গোৱালপাৰাৰ ঠাকুৰভিলালৈ নিয়াৰ পথত দুধনৈৰ পৰিদৰ্শন বঙলাত তেওঁৰ নশ্বৰ দেহত ভালেসংখ্যক লোক তথা দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ৰাভাৰ নশ্বৰদেহত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,আৰছুৰ সভাপতি মতিলাল বাকছ'ক,সাধাৰণ সম্পাদক ড৹সুভাষ ৰাভা,দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী,আপকুৰ সভাপতি স্বপন কুমাৰ ৰাভা,নিখিল ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতি, গোৱালপাৰা জিলা লেখিকা সমাৰোহ, দুধনৈ শাখা লেখিকা সমাৰোহ, দুধনৈ ব্যৱসায়ী সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে এথোপা ফুলেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইপিনে ৰংজুলিতো ৰংজুলি কেন্দ্ৰ উন্নয়ন কমিটিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দুধনৈৰ পৰিদৰ্শন বঙলাত বিৰুবালা ৰাভাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা...
লখিমপুৰত উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in