-
গোৱালপাৰাৰ শোলমাৰীৰ কল্যাণপুৰৰ মৰেল পুলিচিঙত জড়িত ১৩ জনক গ্ৰেপ্তাৰ।
-
চুৰিৰ সন্দেহত এজন লোকক মৰিয়াই হত্যা কৰিছিল একাংশই।
-
মৃতকৰ পত্নীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই লোক কেইজনকে।
-
গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ ভিতৰত আছে পুতুল দাস, প্ৰকাশ ৰাভা, ৰামপ্ৰসাদ দাস।
-
গ্ৰেপ্তাৰ হৈছে ৰূপজ্যোতি ৰাভা, উপজিত ৰাভা, স্বপন ৰাভা, ৰাতুল বিশ্বাস।
-
ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ৩জনে।
-
আত্মসমৰ্পণকাৰী কেইজন ৰাজকুমাৰ ৰাভা, ৰাতুল ৰাভা, শিৱম মণ্ডল।
-
মঙ্গলবাৰে নিশাও প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৭ জনক।
-
ইফালে মৃতকৰ পত্নীৰ গোচৰৰ পাছতে পলায়ন কৰিছিল গাওঁখনৰ পুৰুষসকল।
Also Read: গণতন্ত্ৰত আঘাত ! কথা কোৱাৰ সময়তে ৰাজ্যসভাত বিৰোধী দলৰ নেতাৰ মাইক বন্ধ...