লোমহর্ষক! পুত্ৰৰ সন্মুখতে পিতৃক হত্যা দুৰ্বৃত্তৰ

লোমহর্ষক! পুত্ৰৰ সন্মুখতে পিতৃক হত্যা দুৰ্বৃত্তৰ
Published on
Updated on
  • গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত কল্যাণপুৰৰ ৰাজপথত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

  • এদল দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে গোৱালপাৰা চহৰৰ অশোক গোৱেল নামৰ এগৰাকী ব্যৱসায়ীক।

  • নিৰ্মীয়মান আগিয়া-শোলমাৰীৰ ফ'ৰলেন পথৰ কল্যাণপুৰত চাৰিচকীয়া বাহন আগুছি ধৰি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ীজনক।

  • ব্যৱসায়ীগৰাকী পুত্ৰৰ সৈতে গুৱাহাটীৰ দিশৰ পৰা ঘৰলৈ উভতি অহাৰ পথত নিশা ৮.৩০ বজাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।

  • গোৱালপাৰা চহৰৰ বৰো বজাৰৰ বাসিন্ধা আছিল‌ দুৰ্বৃত্তৰ গুলিত নিহত ব্যৱসায়ী অশোক গোৱেল ।

  • গুলিত নিহত অশোক গোৱেলৰ গাড়ী চালকক আৰক্ষীয়ে সোধা-পোচা আৰম্ভ কৰিছে।

  • কোনে কি কাৰণত ব্যৱসায়ীগৰাকীক গুলিয়াই হত্যা কৰিলে বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in