দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...

এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিলে মৃতদেহ
দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...
দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুগৰাকী ছাত্ৰৰ। জানিব পৰা মতে দুধনৈৰ নোৱাপাৰাত শনিবাৰে বিয়লি অষ্টম শ্ৰেণীৰ ছাত্ৰ ধীমান ৰাভা (১৪) আৰু ৰোহিত ৰাভা (১৪) ই এটা পুখুৰীত গা ধুবলৈ গৈছিল।

ইয়াৰ পিছতেই দুয়োগৰাকী কিশোৰ নিৰুদ্দেশ হৈ পৰে। ইয়াৰ পিছত নিশা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে পুখুৰীত উদ্ধাৰ অভিযান চলাই ধীমান ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু নিশা আনগৰাকী ছাত্ৰ ৰোহিত ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে।

আজি পুৱা পুনৰ উদ্ধাৰ অভিযান চলাই এছ ডি আৰ এফ বাহিনীয়ে ৰোহিত ৰাভাৰো মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...
সন্ধান ওলাল নলাত উটি যোৱা অবিনাশৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in