গোৱালপাৰাত হাতী-মানুহৰ সংঘাত: এজন নিহত, আহত দুজন...

গোৱালপাৰাত হাতী-মানুহৰ সংঘাত: এজন নিহত, আহত দুজন...
Published on
Updated on

ডিজিটেল সংবাদ, গোৱালপাৰা: বান বিধ্বস্ত গোৱালপাৰা জিলাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। জিলাখনৰ লক্ষীপুৰত মঙলবাৰে পুনৰ হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী ৫৩ বছৰীয়া লোক। নিহত লোকজনৰ গজেন্দ্ৰ ক্ষত্ৰীয়। মঙলবাৰে নিশা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ শিগৰী গাঁৱৰ গজেন্দ্ৰ ক্ষত্ৰীয়ৰ ঘৰ আক্ৰমণ কৰি তেওঁক শোৱাপাটিতে প্ৰাণ কাঢ়ি নিয়ে।

ইয়াৰ বিপৰীতে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত গাঁওখনৰ আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আহত হোৱা লোক দুজন ক্ৰমে: তুলসী ক্ষত্ৰীয় আৰু সোনমনি ক্ষত্ৰীয়। আহতদ্বয় বৰ্তমান চিকিৎসাধীন আৱস্থাত আছে। উল্লেখ যে, মঙলবাৰে সন্ধিয়াৰে পৰা ৪০/৪২টা হাতীৰ বৃহৎ জাক এটাই লক্ষীপুৰৰ শিগৰী আৰু আমবাৰী গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছিল।

হাতীৰ জাকটোৰ উপদ্ৰৱত গাঁও দুখনৰ উধিৰ ক্ষত্ৰীয়, কানাই ক্ষত্ৰীয়, কৰ্মেশ্বৰ বৰ্মণ, মালতি দাস, ভানুমতি ক্ষত্ৰীয়ৰ উপৰিও আন ১০টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ভঁৰালত থকা ধান খাই তহিলং কৰে। ইয়াৰোপৰি পৰিয়াল কেইটাৰ মজুত থকা ঘৰৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিকে ধৰি সকলো সামগ্ৰী বিনষ্ট কৰে।

উল্লেখযোগ্য যে হাতীৰ আক্ৰমণত গোহালিৰ গৰুয়েও ৰেহাই নাপালে। হাতীৰ আক্ৰমণ নিহত হয় এটা পশুধন। প্ৰণিধানযোগ্য যে অসম-মেঘালয় সীমান্তৱৰ্তী লক্ষীপুৰৰ একাংশ গাঁৱত বিগত কিছুদিনৰ পৰা হাতীৰ জাকটোৱে উপদ্ৰপ চলাই আছিল। উপদ্ৰৱত বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ যত্ন কৰাৰ পাচতো ৰাইজ আৰু বন বিভাগ ব্যৰ্থ হয়। দিনত সীমান্ত পাৰ কৰি মেঘালয়লৈ খেদি পঠিয়ালেও হাতীৰ জাকটোৱে সন্ধিয়া পুনৰ অসমলৈ নামি আহে।

গোৱালপাৰাত হাতী-মানুহৰ সংঘাত: এজন নিহত, আহত দুজন...
কচুৱাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযানঃ এজন সৰবৰাহকাৰী আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in