গোৱালপাৰাৰ ৰে'ল পথত যুৱক-যুৱতীৰ ছিন্ন মৃতদেহ উদ্ধাৰ...
গোৱালপাৰাৰ ৰে'ল পথত যুৱক-যুৱতীৰ ছিন্ন মৃতদেহ উদ্ধাৰ...

গোৱালপাৰাৰ ৰে'ল পথত যুৱক-যুৱতীৰ ছিন্ন মৃতদেহ উদ্ধাৰ...

দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক
Published on

ডিজিটেল সংবাদ গোৱালপাৰা: মঙলবাৰে পুৱাই গোৱালপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মাকৰিৰ নিৰ্মীয়মান টোলগেটৰ সমীপৰ ৰে'লপথত উদ্ধাৰ হৈছে এহাল যুৱক-যুৱতিৰ ছিন্ন ভিন্ন মৃতদেহ।

মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰা মোবাইল ফোনৰ জৰিয়তে যুৱকগৰাকীক বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নুৰজামানৰ পুত্ৰ নাজিবুল (২৪) আৰু যুৱতিগৰাকীক গোৱালপাৰা চহৰৰ ৯ নং ৱাৰ্ডৰ মুস্তাক আলীৰ জীয়ৰী মুস্কান ইয়াছমিন (২০) বুলি চিনাক্ত কৰা হৈছে।

মঙলবাৰে পুৱা পাঁচ বজাৰ আশে-পাশে সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুই প্ৰেমিক প্ৰেমিকাই ৰে'লৰ আগত জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। কিন্তু প্ৰেমিক হালে কি কাৰণত পুৱাই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'বলগা হ'ল তাক জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে ইতিমধ্যে দুয়োটা ছিন্ন ভিন্ন মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নিৰ্মীয়মান ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত দুটা হেলমেটসহ এ এছ ১৯ ইউ ৪৩৩৭ পঞ্জীয়ন নম্বৰৰ নতুন পালচাৰ বাইক এখনো উদ্ধাৰ কৰা হৈছে।

বাইকখন মৃত যুৱকগৰাকীৰ নামত পঞ্জীয়নভুক্ত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখিছে।

গোৱালপাৰাৰ ৰে'ল পথত যুৱক-যুৱতীৰ ছিন্ন মৃতদেহ উদ্ধাৰ...
বেলতলাৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক স্বপ্ননীল দাসক : জব্দ দুখন বিলাসী বাহন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in