গোঁহাইবাৰী মজলীয়া বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন শোভাযাত্ৰা

গোঁহাইবাৰী মজলীয়া বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন শোভাযাত্ৰা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্য্যালয়ৰ অন্তৰ্গত গোঁহাইবাৰী মজলীয়া বিদ্যালয়খনে ১৯৫৮ চনৰ পৰাই জ্ঞানৰ আলোকেৰে বৃহত্তৰ অঞ্চলটো আলোকিত কৰি আহিছে।  অঞ্চলটোৰ শিক্ষাসদী ৰাইজৰ সহযোগিতাৰে ললিত পালিত এই বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ  ৪৮ সংখ্যক বাৰ্ষিক অবিবেশন আৰু অভিভাৱক সমাৰোহৰ  বৃহস্পতি বাৰে সফল সামৰণি পৰে। বিদ্যালয়ৰ শিক্ষাৰ্থী , প্ৰাক্তন ছাত্ৰ ছাত্ৰী, মাতৃ গোট ,স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে দুপৰীয়া বিদ্যালয় প্ৰাঙ্গনৰ  পৰা উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ।

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বৰ্ণলতা চমুৱা সহ সমূহ শিক্ষক শিক্ষয়িত্ৰী, আৰু বিদ্যালয় পৰিয়ালৰ সহযোগত বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে  বিদ্যালয়ৰ সহকাৰী শিক্ষক মহেশ্বৰ গগৈয়ে।

কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ অসমীয়া জনজীৱনৰে সম্পৃক্ত বিভিন্ন লোক পৰম্পৰাৰ দৃষ্টিনন্দন পৰিবেশনেৰে সমৃদ্ধ শোভাযাত্ৰাই দৰ্শকক সন্মোহিত কৰি বিভিন্ন গ্ৰাম্যাঞ্চল পৰিভ্ৰমণ কৰি বিদ্যালয় প্ৰাঙ্গনত সামৰণি মাৰে। ইয়াৰ পাছতেই অনুষ্ঠিত কৰা হয় মুকলি সভা। 

প্ৰবীণ শিক্ষাবিদ পৰমানন্দ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত  প্ৰবীণ শিক্ষাবিদ জয়শ্ৰী গগৈ, মঞ্জু গগৈ ,কুলুমাই ফুকন আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।অন্তিম দিনৰ কাৰ্যসূচীৰ সতে সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মননশীল  লেখনিৰে সমৃদ্ধ শনিবৰীয়া চৰাৰ প্ৰাচীৰ পত্ৰিকা " জ্যোতি" উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰাই । মুকলি সভাত বিগত তিনিওটা দিনৰ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয় ।

গোঁহাইবাৰী মজলীয়া বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন শোভাযাত্ৰা
অফাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in