ডিজিটেল সংবাদ, গোগামুখঃ বানপানীৰ পাছতো দুৰ্ভিক্ষ কমা নাই বানাক্ৰান্ত অঞ্চলসমূহত। দেখা দিছে নানান ব্যাধিয়ে। চিকিৎসাৰ বাবে ভিতৰুৱা অঞ্চলসমূহৰ ৰাইজে চিকিৎসালয়লৈ যাবলৈও যাতায়তৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বন্যাত ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল নাহৰলগুনৰ বিশিষ্ট ব্যৱসায়ী তথা গোগামুখ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী গণেশ ভৰালীৰ নিজাববীয়া প্ৰচেষ্টাত আজি গোগামুখৰ গোসাঁইবাৰী গাৱঁত এটা সজাগতা তথা বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন কৰা হয়।
ভাই ভাই যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই চিকিৎসা শিবিৰত শিশু, প্ৰসূতি, পুৰুষ, মহিলাসহ দুই শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। এই অনুষ্ঠানটোত অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সম্পাদক মন্টু ভৰালী, গোসাঁইবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুন চৌধুৰী, ভেবেলী আৰোগ্য মন্দিৰৰ নাৰ্ছ,আশা কৰ্মীসকলৰ উপস্থিতিত গোগামুখ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎকে চিকিৎসা সেৱা আগবঢ়ায়। বিশিষ্ট সমাজকৰ্মী গণেশ ভৰালীৰ এই প্ৰচেষ্টাক ৰাইজে শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জনাই তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।