ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া প্ৰায় ১২-৩০ বজাত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা।এখন মটৰ চাইকেল আৰু স্কুটিৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন যুৱক থিতাতে নিহত হোৱাৰ উপৰিও আন তিনিজন যুৱক গুৰুতৰ ভাৱে আহত হয়।
আহত তিনি গৰাকীক ইতিমধ্যে বৰগাঙৰ কেথলিক হস্পিতালত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, চন্দামাৰীৰ দক্ষিণ দিশৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে উত্তৰ দিশলৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱা মূহুৰ্তত AS 32 B 5635 নম্বৰৰ স্কুটি খনক মিছামাৰীৰ পৰা বিহালী অভিমুখী AS 32B 4704 নম্বৰৰ মটৰচাইকল খনে প্ৰচণ্ড বেগেৰে খুন্দা মৰাৰ ফলত চাৰিজন আৰোহী গুৰুতৰ ভাৱে আহত হয়।
স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ততাতৈয়াকৈ আহত চাৰিও জনকে বৰগাঙৰ কেথলিক মিছন হস্পিতাললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও স্কুটী আৰোহী গমিৰিৰ শান্তিপুৰৰ টংক ঘিমিৰেৰ পুত্ৰ মুকুন্দ ঘিমিৰে(২৩) চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয়।দুৰ্ঘটনাটোত আহত আন তিনিজনৰ ভিতৰৰ স্কুটী আৰোহী গমিৰি শান্তিপুৰৰ দেৱেন দাস(২৩),বাইক আৰোহী বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰীৰ আনন্দ ইংতি(২৮) আৰু অমৰ ৰংপী(৩০) গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে।দুৰ্ঘটনাটোৰ ভয়াবহতা ইমানেই বেছি আছিল যে স্কুটীখনৰ ইঞ্জীনটো বাহিৰলৈ ওলাই আহে।
উল্লেখযোগ্য যে-চন্দামাৰীৰ যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছে সেই স্থানত ডিভাইডাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ ইপাৰ সিপাৰ হ'ব পৰাকৈ বিভাগীয় ভাবে নিৰ্মিত কোনো ধৰণৰ "ক্ৰছিং" নাই যদিও পথছাৰী সকলে সেই স্থানত অতি বিপজ্জনক ভাবে পথ অতিক্ৰম কৰি আহিছে।উক্ত স্থানৰ মাজেৰে মটৰ চাইকেল আৰু চাইকেল লৈ অহা যোৱা বন্ধ নকৰিলে পুনৰ ইয়াতকৈ ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে।কাৰণ সেই স্থানত নাই কোনো গতিৰোধক কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সাংকেতিক চিহ্ন।
Also Read: নগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ...