গহপুৰত ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যাঃ পলাতক ঘাটক পিতৃ

গহপুৰত ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যাঃ পলাতক ঘাটক পিতৃ

author-image
Asomiya Pratidin
New Update
গহপুৰত ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যাঃ পলাতক ঘাটক পিতৃ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী সংঘটিত হৈছে এটা আসুৰিক ঘটনা। মানৱ সমাজক কলংকিত কৰি নিজ ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰিলে জন্মদাতা পিতৃয়ে। জানিব পৰা মতে-সোলেঙীস্থিত এপল' কোম্পানীৰ এটি টায়াৰ ডিলাৰৰ স্বত্বাধিকাৰী চিদানন্দ শইকীয়াৰ পুত্ৰ মৃগাংক শইকীয়া(৩৩)ই আজি বিয়লি প্ৰায় ৪ বজাত তেওঁৰ পুত্ৰ আয়ুস্মান(৮)ক ডিঙি চেপি হত্যা কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হত্যাকাণ্ডটো সংঘটিত কৰাৰ সময়ত আয়ুস্মান আৰু তেওঁৰ পাশান পিতৃহে ঘৰত আছিল। আয়ুস্মানৰ মাতৃ আৰু ককাক আইতাক সেই সময়ত ঘৰত নাছিল। ঘটনাটো সংঘটিত কৰি পুত্ৰক বিছনাত পেলাই থৈ মৃগাংক বাৰান্দাত বহি আছিল। সন্ধিয়া প্ৰায় ৫ বজাত মৃগাংকৰ বায়েক ভিনিহিয়েক আহিছিল আয়ুস্মানৰ খবৰ ল'বলৈ। কিছু দিন পূৰ্বে আয়ুস্মানৰ এখন কাণৰ এটা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈ গৈছে।

তাৰেই খবৰ ল'বলৈ অহা বাপেক ভিনিহিয়েকক আয়ুস্মান বিচনাত শুই আছে বুলি কৈ তেওঁলোকক ভিতৰলৈ যোৱাত বাধা দিছিল মৃগাংকই। মৃগাংকৰ কথা মতে বায়েক ভিনিহিয়েক ভিতৰলৈ সোমোৱা নাছিল যদিও তেনে সময়তে মৃগাংকৰ পত্নী আহি ঘৰ পোৱাত পত্নী ভিতৰলৈ সোমাই যায়। সমসাময়িক ভাবে মৃগাংক ঘৰৰ পৰা পলায়ন কৰে। মৃগাংকৰ পত্নী শোৱনী কোঠালৈ সোমাই গৈ দেখে যে বিচনাত নিথৰ হৈ পৰি আছে পুত্ৰৰ দেহ।

তেনে অৱস্থাৰে বায়েক ভিনিহিয়েকে আয়ুস্মানক ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে আয়ুস্মানক মৃত ঘোষণা কৰে । ইয়াৰ পিছতে হুৱাদুৱা লাগে ঘৰখনত। নিজ শোৱনী কোঠাৰ ভিতৰত এই পাশৱিক কাণ্ডটো সংঘটিত কৰি ঘৰৰ পৰা পলায়ন কৰে নৰখাদক স্বৰূপ পিতৃ মৃগাংক শইকীয়াই।

শোৱনী কোঠাৰ বিচনাত মাতৃ ৰশ্মীয়ে পুত্ৰৰ নিথৰ দেহ উদ্ধাৰ কৰাৰ পিছত হুৱাদুৱা লাগে চিদানন্দ শইকীয়াৰ ঘৰখনৰ লগতে সমগ্ৰ সোলেঙী অঞ্চলত। পিছত ঘটনাস্থলীত গহপুৰ আৰক্ষী গৈ উপস্থিত হয়। পাষাণ পিতৃৰ হাতত প্ৰাণ যোৱা আয়ুস্মানৰ মৃত্যুৰ বতৰাই শোকাচ্ছন্ন কৰি তোলে সমগ্ৰ অঞ্চল। স্থানীয় আইডেল একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্র আছিল আয়ুস্মান শইকীয়া।

অধম প্ৰকৃতিৰ পিতৃ মৃগাংকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ গহপুৰ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে। পুত্ৰক হত্যা কৰি পাশৱিক তৃপ্তি লোৱাৰ অন্তৰালত কি ৰহস্য লুকাই আছিল সেই কথা মৃগাংকক গ্ৰেপ্তাৰৰ পিছতহে স্পষ্ট হ'ব।

Also Read: এখন-দুখন নহয়! একেদিনাই ১৬খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অশোক সিংহলৰ...

Gohpur mriganka saikia