গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...

গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...
গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত বান ক্ষতিগ্ৰস্ত কৃষক ৰাইজক সকাহ দিয়াৰ বাবে ঠায়ে ঠায়ে শালি ধানৰ কঠীয়া সিঁচাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে। সেই অনুসৰি মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত আমতলা গাঁও পঞ্চায়তৰ এলেকাধীন আমতলা গাঁৱত শুকুৰবাৰে সমূহীয়া কঠীয়া সিঁচাৰ এক কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

ঘাঁহিগাঁও কৃষি চক্ৰৰ অন্তৰ্গত আমতলা গাঁৱৰ প্ৰায় তিনি হেক্টৰ কৃষি ভূমিত "ৰাষ্ট্ৰীয় কৃষি বিকাশ আ‍ঁচনি ২০২৪-২৫" বৰ্ষৰ অধীনত ৰূপায়ণ কৰা উক্ত কঠীয়া সিঁচা আঁচনিৰ শুভ উদ্বোধন কৰে হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে। উক্ত কাৰ্য্যসূচীত কৃষি উন্নয়ন বিষয়া অদিতি বৰুৱা, কৃষি পৰিদৰ্শক প্ৰফুল্ল দত্ত, ক্ষেত্ৰ পৰিচালক সঞ্জীৱ দলে আৰু স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।

উক্ত তিনি হেক্টৰ কৃষি ভূমিত বাহাদুৰ চাব-১ জাতৰ শালি ধানৰ খেতিৰ কঠীয়া সিঁচা হয়।শালি ধানৰ খেতিৰ উক্ত কঠীয়াই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০০ বান ক্ষতিগ্ৰস্ত কৃষকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। গহপুৰ মহকুমা কৃষি বিভাগে গ্ৰহণ কৰা এই পদক্ষেপে বানপিড়ীত কৃষক ৰাইজক যথেষ্ট সকাহ দিব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।

গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...
SDO, অভিযন্তা কাকো কৰেপ নকৰা ঠিকাদাৰ মহেন্দ্ৰ গুৰুঙৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in