খুমটাইত অঘটনঃ খেলি থকাৰ অৱস্থাতে মাতৃৰ চাদৰত চিপলাগি কিশোৰৰ মৃত্যু...

খুমটাইত অঘটনঃ খেলি থকাৰ অৱস্থাতে মাতৃৰ চাদৰত চিপলাগি কিশোৰৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
খুমটাইত অঘটনঃ খেলি থকাৰ অৱস্থাতে মাতৃৰ চাদৰত চিপলাগি কিশোৰৰ মৃত্যু...

খুমটাইত অঘটনঃ খেলি থকাৰ অৱস্থাতে মাতৃৰ চাদৰত চিপলাগি কিশোৰৰ মৃত্যু...

ডিজিটেল সংবাদ গোলাঘাটঃ আজি পুৱাৰ ভাগতে খুমটাই অঞ্চলৰ মৌখোৱা এলেকাত জুলফিকৰ আহমেদ নামৰ ১১ বছৰীয়া এটি কিশোৰে বিদ্যালয়লৈ বুলি সাজ-পোছাক পিন্ধি ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি মাকৰ এখন ওৰণাৰে খেলি থাকোতেই হঠাতে খিৰিকীৰ গ্ৰীলত চিপ লাগি মৃত্যু ঘটা ঘটনাই অঞ্চলটোলৈ শোকৰ ছাঁ নমাই আনিছে।

জানিব পৰা অনুসৰি ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত শিশুৰটিৰ পিতৃ জামাল আহমেদ কৰ্মসূত্ৰে কাৰ্বি আংলঙৰ থকাৰ লগতে সেই সময়ত মাতৃও ওচৰৰ এঘৰৰ পৰা গাখিৰ আনিবলৈ আৰু একমাত্ৰ বায়েক কলেজলৈ ওলায় যায়। পিচত ঘৰৰ লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত চুবুৰিয়াই আহি দুৱাৰ ভাঙি শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইতিমধ্যে শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।হঠাতে হোৱা এনে অবাঞ্চিত ঘটনাটোৱে সমগ্ৰ মৌখোৱা অঞ্চলটিতে শোকৰ ছাঁ পেলাইছে।

Also Read: গীনিজ আৰু অতীতৰ পাতত বিহু...

খুমটাই