উৰিয়ামঘাটত ১৫কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ, আটক দুজন...

উৰিয়ামঘাটত ১৫কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ, আটক দুজন...
Published on
Updated on

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ উপ- জিলাখন ক্ৰমাৎ মৰাত্মক ড্ৰাগছ, হিৰ’ইন ,গাঞ্জা আদি নিষিদ্ধঘোষিত নিচাজাতীয় সামগ্ৰীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে৷ আৰক্ষী বিভাগে এনে সামগ্ৰীসমূহৰ বিৰুদ্ধে যিমানে অভিযান তীব্ৰতৰ কৰিছে সিমানেই এচাম অসামাজিক ব্যক্তিয়ে সহজে টকা ঘটাৰ উপায় হিচাপে বাচি লৈছে এই নিষিদ্ধ সামগ্ৰীৰ ব্যবসায়।

সৰুপথাৰ-উৰিয়ামঘাট অঞ্চলত ইতিমধ্যে আৰক্ষীয়ে কম দিনৰ ভিতৰতেই কেইবাটাও প্ৰান্তত কেইবা জনো ড্ৰাগছসহ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ উৰিয়ামঘাট থানাৰ অন্তৰ্গত দয়ালপুৰৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছসহ ব্যবসায়ী আটক কৰাৰ পিছতেই দেওবাৰে পুৱাই অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ হোৱ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

প্ৰাপ্ত তথ্য অনুসৰি ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত বৃহৎ পৰিমানৰ ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে বিশেষসূত্ৰে খবৰ লাভ কৰা গুৱাহাটীৰ পৰা অহা এছ. টি. এফ. ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া দ্বীপেন পাটৰ আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া অলংকাৰ বৰাৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে অভিযান চলাই উৰিয়ামঘাট থানাৰ অন্তৰ্গত ৩ নং ৰজাপুখুৰীৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছসহ দুজন ব্যবসায়ীক আটক কৰিবলৈ সক্ষম হয়। গাঁৱখনৰ এজনলোকৰ ধান ৰখা ডুলিৰ পাৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে। দুটা বস্তাৰ ভিতৰত লুকুৱাই ৰখা ১ কিলো' ৭৪৯ গ্ৰাম ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকাৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।আটক কৰা ধৃত ড্ৰাগছ ব্যবসায়ী দুটাৰ নাম ছহিদুল ইছলাম আৰু অলিউলা হুছেইন বুলি জানিব পৰা গৈছে।

উৰিয়ামঘাটত ১৫কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ, আটক দুজন...
লাংহিনত কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in