প্ৰতিষ্ঠা দিৱসত অগপক আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আখ্যা অতুল বৰাৰ...

প্ৰতিষ্ঠা দিৱসত অগপক আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আখ্যা অতুল বৰাৰ...

author-image
Asomiya Pratidin
New Update
প্ৰতিষ্ঠা দিৱসত অগপক আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আখ্যা অতুল বৰাৰ...

প্ৰতিষ্ঠা দিৱসত অগপক আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আখ্যা অতুল বৰাৰ...

ডিজিটেল সংবাদ গোলাঘাটঃ 'বহু উত্থান-প্ৰত্যাহ্বানৰ মাজৰে অগপই ৩৮ টা বছৰ পাৰ কৰিলে। আমাৰ দৃষ্টিত এয়া কেৱল এটা দলৰ ৩৮টা বছৰ নহয়– এয়া অসমৰ ৰাজনীতিৰ আঞ্চলিকতাবাদী দৰ্শনৰ ৩৮ টা বছৰ। জাতীয়তাবাদ তেজত প্ৰৱাহিত হৈ থকা অসমৰ সংগ্ৰামী জনতাৰ আশা আৰু ভৰষাৰ ৩৮ টা বছৰ। অগপৰ আজিৰ জন্মলগ্নৰ এই শুভক্ষণত দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ত্যাগ আৰু কষ্টক শ্ৰদ্ধাৰে সোঁৱৰিছো।'

এই অভিমত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ সভাপতিৰ আসনৰ পৰা সভাপতি অতুল বৰাই লগতে কয় 'চিৰপ্ৰবাহমান ব্ৰহ্মপুত্ৰৰ দৰেই আমাৰ অগপ। নৈ, উপ-নৈ, জান-জুৰি সামৰি অবিৰাম গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ দৰেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী ৰাইজক সামৰি অগপয়ো অবিৰাম গতিৰে সদায় আগুৱাই যাব। অসমৰ আঞ্চলিকতাবাদৰ আয়ুস ৰেখাই হৈছে অসম গণ পৰিষদ। এই আয়ুস ৰেখা ডাল যিমানেই দীঘলীয়া আৰু শক্তিশালী হ'ব, সিমানেই অসম সুৰক্ষিত হ'ব।'

সভাই বৰাই ভাষণত আৰু কয় যে, আমি চিন্তা নকৰোঁ, ভয় নকৰোঁ, আমি শংকা নকৰোঁ। আমি জানো ৰাজনীতিৰ উত্তৰণ হয়, বিপৰ্যয় হয়, পতন হয়। কিন্তু অগপৰ পতন হোৱা নাই। দলটোৰ উত্থান হৈছিল, বিপৰ্যয় হৈছে। কিন্তু সেই বিপৰ্যয়ৰ পৰা দলটোক উদ্ধাৰ কৰিবলৈ আমাৰ লগত আছে অগণন ৰাইজ। আমি ৰাইজক লগত লৈ আগন্তুক দিনত আগবাঢ়ি যাম। ৰাইজেই আমাৰ মূল চালিকা শক্তি। অসমৰ বিভিন্ন অঞ্চলত,ভিতৰুৱা অঞ্চলত অগপৰ শিপা আছে। এই শিপা কোনো আঞ্চলিক ৰাজনেতিক দলৰ নাই। অগপৰ শিপা মজবুত। অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ পথাৰত অগপ অটল বটবৃক্ষ।'

তেওঁ লগতে কয় অগপ ভাতৃ ভগ্নী সংগঠনেৰে এক বৃহৎ পৰিয়াল। আগন্তুক বছৰটো হ'ব ভাতৃ ভগ্নী সংগঠনৰ বছৰ। আমি প্ৰতিটো ভাতৃ ভগ্নী সংগঠনক দায়িত্ব দি দলটোক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছোঁ। বৰ্ষজোৰা কাৰ্যসূচীৰে তেওঁলোক দলীয় কাম কাজত অগ্ৰসৰ হ'ব। তেওঁলোকৰ বাবে প্ৰতিটো দিনেই হ'ব একোটা কৰ্মব্যস্ত দিন।

সভাপতি বৰাই আৰু কয় আঞ্চলিকাবাদ আৰু উন্নয়ন সমান্তৰালগতিত আগবাঢ়িব লাগিব। বহুতে ধাৰণা দিব খোজে যে আঞ্চলিক ৰাজনীতি মানে হৈছে ৰাজপথৰ আন্দোলন আৰু শ্লোগান। নতুন প্লজন্মৰ মানসিকতা এতিয়া সলনি হৈছে। তেওঁলোকক ৰিজাল্ট লাগে। সমস্যাক লৈ চিঞৰ বাখৰ নহয় সমস্যাৰ সমাধান লাগে। সেয়ে সমাধানমুখী আঞ্চলিকতাবাদৰ কথা, ইছ্যুবোৰ উপযুক্ত মঞ্চত সমান্তৰালভাৱে সমাধান আৰু উন্নয়নত সক্ৰিয় হ'ব লাগিব।

ইফালে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, যি দলৰ নিজৰ মাজতেই মিলা প্ৰীতি নাই সেই দলে কি বিৰোধী ঐক্য গঢ়িব। বিদ্ৰোহ, বিসম্বাদ,অন্তঃকলহ পুৰণা বেমাৰ। এই বেমাৰবোৰৰ পৰা দশক দশক ধৰি মুক্ত নোহাৱা দলটোৱে ইয়াৰ পৰা যে মুক্ত হ'ব পাৰিব তাৰ সম্ভাৱনা নাই। কংগ্ৰেছ এনে এটা দল যি দেশৰ স্বাধীনতা আনিছিল। যি দলে দেশ তথা অসমত স্বাধীনতাৰ পাছৰে পৰা দীৰ্ঘসময় ক্ষমতা দখল কৰা দল।কংগ্ৰেছ এনে এটা দল নিজৰ ভোট বেংক মজবুত কৰিবৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা বিদেশী অনা দল। অতি দুখৰ বিষয় যে এই দলটো শাসনত থকাৰ সময়তে অসমত ৮৫৫ জন অসমীয়া শ্বহীদ হৈছিল।

আনহাতে অসমত আঞলিক দল গঠন সম্পৰ্কত সভাপতি বৰাই কয় যিমানেই অসমত আঞ্চলিক দল গঠন হ'ব সিমানেই অসমত আঞ্চলিকতাবাদৰ প্ৰসংগ বৃদ্ধি পাব। আমি শংকিত হোৱাৰ কোনো কাৰণ নাই। ২০২১ চনৰ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত কেইটামান আঞ্চলিক দল অসমত ভূমিস্থ হৈছিল। অগপ নামৰ দৰে একেলগে কথা কোৱা আৰম্ভ কৰিছিল। অসম গণ পৰিষদৰ পিঠিত ব্যৰ্থতা, কলংক জাপি দি মূৰ দাঙি উঠিব চেষ্টা কৰিছিল। কিন্তু তেওঁলোকক ৰাইজে আস্থাত ন'ললে। ইয়াৰ পৃষ্ঠপোষক আছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ।

সভাত অংশগ্ৰহণ কৰি অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, অসম গণ পৰিষদ দলে ৮৫৫ গৰাকী শ্বহীদৰ শক্তি লৈ জন্ম হৈছিল আৰু এতিয়াও ৰাইজৰ মাজত জীয়াই আছে। অস্তিত্ব ৰক্ষাৰ আন্দোলন এতিয়া চলি আছে। অসম গণ পৰিষদ দলে চৰকাৰ আৰু ৰাইজৰ মাজত থাকি এতিয়াও এই আন্দোলন চলাই আছে ।

যোৱা ২০ -২৫ বছৰলৈ লক্ষ্য কৰিলে দেখা যায় যে, কেইবাখনো কেন্দ্ৰীয় চৰকাৰ গঠনত আঞ্চলিক শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসম গণ পৰিষদেও নিজৰ আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুন্ন ৰাখি ৰাষ্ট্ৰীয়তাবাদী দৃষ্টি ভংগীৰে কেন্দ্ৰীয় একাধিক চৰকাৰত অংশগ্ৰহণ কৰিছিল।

অগপ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা আৰু গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক আচিকুৰ ৰহমানে আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে দলৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতাই। সভাত আদৰণি ভাষণ প্ৰদান কৰে দলৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড° নৃপেন বৰুৱাই।

মুকলি সভাতে দলৰ প্ৰাক্তন সভাপতি থানেশ্ব বড়ো আৰু অসম আন্দোলনৰ পৃষ্ঠপোষক দ্বীজেন ফুকনক সম্বৰ্ধনা পত্ৰ, শৰাই, চেলেং, গামোছা আদিৰে সম্বৰ্ধনা জনায়। অসম সংগীতেৰে আৰম্ভ হোৱা সভাত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পৰিয়াল আৰু ১৭ টা শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়।

মুকলি সভাৰ পূৰ্বে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীসহ অগপ নেতৃত্বক গায়ন-বায়ন, বিহু নৃত্য আদিৰে বিশাল শোভাযাত্ৰা কৰি সভাগৃহলৈ আদৰি অনা হয়। সভাগৃহত উপস্থিত হোৱাৰ পাছতে সভাপতি অতুল বৰাই মূল পতাকা আৰু ৩৮ গৰাকী অগপ জ্যেষ্ঠ নতাই পতাকা উত্তোলন কৰে।

পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পন কৰে দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাৰ লগতে দলীয়কৰ্মীসকল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত নামঘৰত উপস্থিত হৈ প্ৰতিষ্ঠা সফলতা কামনাৰে শৰাই, নৈবদ্য আগবঢ়ায়।

Also Read: হাওৰাঘাট তিনিআলিৰ কাৰককত পথ দুৰ্ঘটনাঃ মহিলা নিহত...

অতুল বৰা অসম গণ পৰিষদ