মিছন বসুন্ধৰাৰ ৭৫ শতাংশ আবেদনেই নাকচ ! ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া...

মিছন বসুন্ধৰাৰ ৭৫ শতাংশ আবেদনেই নাকচ ! ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া...
Published on
Updated on

ডিজিটেল সংবাদ গোলাঘাটঃ ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ক্ষমতালৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে চমক সৃষ্টি কৰি বসুন্ধৰা নামেৰে আঁচনি প্ৰৱৰ্তন কৰি ৰাইজৰ মাজত নিজকে সাংঘাটিক খিলঞ্জীয়া প্ৰেমী বুলি প্ৰচাৰ চলাই বাহ বাহ লৈছিল যদিও পৰবৰ্তী সময়ত দেখা গ'ল যে বসুন্ধৰা আঁচনিৰ অধীনত আবেদন হোৱা মুঠ আবেদনৰ প্ৰায় ৭৫ শতাংশ বাতিল হৈছে।

এনেবোৰ ঘটনাই চৰকাৰখনৰ স্থিতিক লৈ সন্দিহান কৰি তুলিছে বুলি উল্লেখ কৰি কৃষক নেতাজনে আৰু কয় যে, জাতীয় সমস্যাৰ অন্যতম হ'ল খিলঞ্জীয়াৰ ভূমি অধিকাৰ। যি অধিকাৰ লাভৰ কাৰণে খিলঞ্জীয়া ৰাইজে নিজ জন্মভূমিত আজি বছৰ বছৰ ধৰি,দাবী উত্থাপন কৰি আহিছে ।

চৰকাৰী তথ্য অনুসৰি ২৮ শতাংশ লোকৰ এডৰাও মাটি নাই,৩২ শতাংশ লোকৰ মাটিৰ মালিকীস্বত্ব চাৰে তিনি বিঘাতকৈও কম।এনে অৱস্থাত বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰে ৬ টা শ্ৰেণীক ভূমি অধিকাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰি ৰাইজক আশাৰ বাট দেখুৱাইছিল।

বসুন্ধৰা ২.০ ৰ যোগেদি সাধাৰণ চৰকাৰী ভূমিত বসবাস কৰা,চিলিং ভূমিত বসবাস কৰা,চৰকাৰী দখল হস্তান্তৰ হোৱা একচনীয়া পট্টাভুক্ত ভূমিৰ দখলদাৰক ভূমি,১৯৭১ চনৰ ৰায়ত আইন অনুসৰি দখলীস্বত্ব থকা ৰায়তক ভূমিৰ মালিকীস্বত্ব প্ৰদান ,সংৰক্ষিত চৰণীয়া ভূমি(VGR/PGR),চাহ কফি ৰবৰৰ খেতি থকা খিলঞ্জীয়া লোকৰ ভূমি,তিনিটা প্ৰজন্ম বংশানুক্ৰমে ভোগ দখল কৰি অহা জনজাতীয় লোকসকলক ৫০বিঘা পৰ্যন্ত ভূমিত পট্টা প্ৰদান ইত্যাদি ।

প্ৰথম পৰ্যায়ত আবেদন সাধাৰণভাৱে দেখুৱাই ব্যাপক প্ৰচাৰ চলোৱা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত মুঠ আবেদনৰ প্ৰায় ৭৫ শতাংশ নাকচ কৰা হয় বিভিন্ন কাৰণ দেখুৱাই। ৰাইজৰ ভূমি লাভৰ আবেদন নাকচ কৰা,শিলসাঁকো , শিলডুবি, ৰাজ্যৰ বিভিন্ন চৰ অঞ্চলত মন গলেই উচ্ছেদ কৰা এইখন চৰকাৰৰ মুখ্যমন্ত্রীৰ পত্নী গৰাকীয়ে কলিয়াবৰত একে ৰাতিৰ ভিতৰত কৃষি ভূমিক ঔদ্যোগিক ভূমিলৈ শ্ৰেণী হস্তান্তৰিত কৰি মালিকীস্বত্ব লাভ কৰিব পাৰে কিন্তু বছৰ বছৰ ধৰি ভোগ কৰা, ৰাজহ প্ৰদান কৰি অহা খিলঞ্জীয়া ৰাইজে কিন্তু নিয়ম অনুসৰি আবেদন কৰিও পট্টা লাভৰ পৰা বঞ্চিত হয় এইখন ৰাজ্যত ।

খিলঞ্জীয়া ৰাইজক ৰাতিটোৰ ভিতৰতে মুকলি আকাশৰ তললৈ ঠেলি দি ৰামদেৱ, আদানি, অৰুণ বাজাজ, ৰিণিকি ভূঞাক হাজাৰ হাজাৰ বিঘাৰ অধিকাৰী কৰি তোলা এইখন বিজেপি শাসনাধিষ্ঠ চৰকাৰে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ ল'ৰা ধেমালি কৰিছে। প্ৰত্যেক দিনে এহালিচা এবিঘাকৈ খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ আনৰ হাতলৈ যোৱাৰ এই সময়ছোৱাত মিছন বসুন্ধৰাৰ অধীনত কৰা মুঠ আবেদনৰ ৭৫ শতাংশ বাতিল হোৱা কাৰ্যই ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি যে এক অশনি সংকেত কঢ়িয়াই আনিব সেয়া নিশ্চিত বুলিও কৃষক নেতাগৰাকীয়ে লগতে উল্লেখ কৰে।

তেওঁ চৰকাৰক সকিয়াই দি কয় যে, অসমৰ ভূমি কেৱল অসমীয়াৰ,। ভূমিৰ অধিকাৰ পৰা অসমীয়াক বঞ্চিত কৰিলে পৰিণাম ভয়ংকৰ হ'ব।

মিছন বসুন্ধৰাৰ ৭৫ শতাংশ আবেদনেই নাকচ ! ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া...
অখিলে এৰিব, লুৰিণে খেলিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in