কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কাজিৰঙাৰ এগৰাকী যুৱতীয়ে

কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কাজিৰঙাৰ এগৰাকী যুৱতীয়ে
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : যি সময়ত একাংশ নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰিছে সেই সময়তে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে দেখুৱাইছে আদৰ্শ । উল্লেখ্য যে বৰ্তমান সময়ছোৱাত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকল কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ আশাতে বন্দী হৈ ৰৈছে ৷

ইয়াৰ বিপৰীতে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে দেখুৱাইছে আদৰ্শ আৰু প্ৰেৰণাৰ ৰেঙণি। চৰকাৰী চাকৰিৰ আশা বাদ দি ব্ৰইলাৰ পালন আৰু বিক্ৰীৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে প্লাজমা গগৈ নামৰ এগৰাকী যুৱতীয়ে ৷

প্লাজমাই জুনিয়ৰ ইঞ্জিনিয়াৰৰ শিক্ষা গ্ৰহণ কৰি বৰ্তমান কোনো লাজ- সংকোচ নকৰাকৈ কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱত দুটা বছৰৰ পূৰ্বে আৰম্ভ কৰিছিল এইখন ব্ৰইলাৰ ফাৰ্ম ৷ চৰকাৰী চাকৰিৰ ধামখুমীয়াৰ বিপৰীতে এইগৰাকী যুৱতীয়ে দেখুওৱা আদৰ্শক ইতিমধ্যে সকলোৱে শলাগ লৈছে ৷

জানিব পৰা মতে, ব্ৰইলাৰ লালন-পালন কৰি কাজিৰঙাৰ কেইবাখনো ৰিজৰ্টত যোগান ধৰাৰ লগতে অন্য জিলালৈও প্ৰেৰণ কৰিছে ৷ বৰ্তমান যুৱতীগৰাকীয়ে নিজৰ লগতে আন দুটা পৰিয়ালকো সংস্থাপন দিছে ৷

প্লাজমাই মন্তব্য কৰে যে, ফাৰ্মখনৰ পৰা প্ৰতি ৪৫ দিনৰ অন্তত ৩ৰ পৰা ৪টন পৰ্যন্ত ব্ৰইলাৰ উৎপাদন কৰাৰ উপৰি প্ৰতি মাহে লাভ হৈছে ৭০ হাজাৰকৈ টকা ৷ নিজা প্ৰচেষ্টাত আৰম্ভ কৰা ফাৰ্মখনত পালন কৰা ১৮০০ ব্ৰইলাৰক ৰাসায়নিক দ্ৰব্যৰ সলনি অমিতা গছৰ পাত,সৰিয়হৰ খলিহৈ ইত্যাদি থলুৱা ঔষধ ব্যৱহাৰ কৰিছে ৷

প্লাজমা গগৈৰ মতে সমাজ ব্যৱস্থাই ছোৱালীক কেৱল মাত্ৰ ভাত-শাক ৰন্ধাতে সীমাবদ্ধ ৰাখে। কিন্তু ল'ৰাই কৰা কামো ছোৱালীয়ে সুন্দৰকৈ কৰিব পাৰে ৷ ব্যৱসায়ত তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ দৰ্মহাতকৈ উপাৰ্জন বেছি,মানুহে চৰকাৰী চাকৰিত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ ব্যৱসায়কো প্ৰাধান্য দিয়া উচিত বুলি মত প্ৰকাশ যুৱতীগৰাকীৰ ৷

তদুপৰি তেঁও কয় কেৱল অসমীয়া মানুহেহে চৰকাৰী চাকৰিক বেছি গুৰুত্ব দিয়ে ৷ উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰিৰ আশাত বহি নাথাকি ব্যৱসায় কৰি যাৱলৈ নিবনুৱাসকলৰ প্ৰতি অনুৰোধ যুৱতীগৰাকীৰ ৷

কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কাজিৰঙাৰ এগৰাকী যুৱতীয়ে
কাজিৰঙাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ একাংশ মাছমৰীয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in