ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৈয়াং আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হৈ যায়। মেৰাপানী সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাখনত আগন্তুক দুটা বৰ্ষৰ বাবে এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰা হয়।
যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মী উপস্থিত থকা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তথ্য-প্ৰচাৰ আৰু যোগাযোগ বিভাগৰ সম্পাদক আব্দুল হাছিম, জিলা সভাপতি নিকুঞ্জ মেধি, জিলা উপদেষ্টা বাবুল দত্ত, জিলা উপ সভাপতি মৃণাল হাজৰিকা, জিলা সাংগঠনিক সম্পাদক সঞ্জীৱ মজুমদাৰ, জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিদ্যুৎ বৰা, প্ৰফুল্ল গগৈ, বিমান দাসকে আদি কৰি ভালে সংখ্যক লোক।
আজি অনুষ্ঠিত অধিৱেশনখনিতে দৈয়াং আঞ্চলিক সমিতিৰ নতুন সভাপতি হিচাপে ৰাতুল আলি আৰু সম্পাদক হিচাপে ঘনকান্ত দাসক নিৰ্বাচিত কৰে। উল্লেখ্য যে গোলাঘাট জিলাখনৰ ভিতৰতে এখন শক্তিশালী আঞ্চলিক সমিতি হিচাপে বিবেচিত হৈ অহা মেৰাপানী সীমান্তৰ দৈয়াং আঞ্চলিক সমিতিখনে অঞ্চলটোৰ জ্বলন্ত সমস্যাসমূহৰ বিপক্ষে ঠিয় দি আহিছে।
এই শাখাৰে এগৰাকী অন্যতম শক্তিশালী ছাত্ৰ নেতা তথা বৰ্তমানৰ ভাৰপ্ৰাপ্ত জিলা সম্পাদক বিদ্যুৎ বৰাই বিশেষভাৱে অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ লগতে একাংশ নতুন অধ্যয়নপুষ্ট যুৱকক লৈ জিলাখনৰ জাতীয় সমস্যাসমূহৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় দিয়াৰ পন গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
Also Read: ২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ...