নাই কোনো বিজ্ঞান সন্মত পৰিকল্পনা, নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান বোকাখাতত...

নাই কোনো বিজ্ঞান সন্মত পৰিকল্পনা, নেৰানেপেৰা বৰষুণৰ ফলত  কৃত্ৰিম বান বোকাখাতত...
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাতঃ প্ৰায় এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বোকাখাত নগৰকে ধৰি বোকাখাত সমষ্টিৰ কেইবাখনো গাওঁ পঞ্চায়ত এলেকাত সৃষ্টি হোৱা কৃত্ৰিম বানে যমৰ যাতনা ভোগাইছে জনসাধাৰণক । ইতিমধ্যে বোকাখাত নগৰৰ কেইবাটাও ৱাৰ্ডত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

বোকাখাত টাউন হাইস্কুল, বোকাখাত নগৰ প্ৰাথমিক বিদ্যালয়, হিতেশ্বৰ বৰপূজাৰী হাইস্কুল আদিত আৱদ্ধ পানীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে । ১০ টা ৱাৰ্ডেৰে উন্নীত কৰা বোকাখাত পৌৰসভা গঠন হোৱাৰ পিছত পোনপ্ৰথম বাৰৰ বোকাখাত নগৰবাসীয়ে নগৰৰ উন্নয়নৰ স্বাৰ্থত শাসনাধীষ্ঠ চৰকাৰৰ প্ৰাৰ্থী সকলক বিপুল ভোটত জয়লাভ কৰাই বোকাখাত পৌৰসভা গঠন কৰাৰ পাছত নগৰবাসীয়ে ভাবিছিল বোকাখাত পৌৰসভাই নগৰৰ উন্নয়নৰ হকে কাম কৰিব , কিন্তু কাৰ্য ক্ষেত্ৰত তাৰ বিপৰীত ছবিহে দেখা পোৱা গৈছে বোকাখাতত ।

কেৱল কৰ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া বোকাখাত পৌৰসভাই নগৰখনৰ উন্নয়নৰ ক্ষেত্ৰত পিঠি দিয়াত আজিৰ তাৰিখত কৃত্ৰিম বানৰ কবলৰ পৰা পৰিত্ৰাণ পোৱা নাই সাধাৰণ ৰাইজ । পদপথৰ নলা সমূহৰ পানী ওফন্দি পৰাত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ নগৰখনত ।

ইফালে ১, ৪, ৭, ৯ নং ৱাৰ্ডৰ প্ৰায় সংখ্যক পথকে ধৰি আৱাসীক এলেকাত পানী আবদ্ধ হৈ পৰাত বহু সমস্যাৰ সৃষ্টি হৈছে । বোকাখাত পৌৰসভাই বোকাখাত নগৰৰ উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা নকৰা বাবেই নগৰখনৰ ভালে সংখ্যক বাসিন্দা জলবন্দী হৈ থাকিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে

বোকাখাত পৌৰ সভাৰ ভালে সংখ্যক পথ জৰাজীৰ্ণ হৈ পৰাত কেইবাটাও পথৰ ওপৰেদি বাগৰি থকা পানী ওলাই যাবৰ বাবে উপযুক্ত নলাৰ ব্যৱস্থা নথকাত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে নগৰবাসীয়ে ভয়ংকৰ বিজানুযুক্ত পানীৰ মাজেদি যাতায়ত কৰিবলগীয়া হৈছে । নগৰ খনৰ উন্নয়নৰ স্বাৰ্থত সু পৰিকল্পিত আঁচনি প্ৰস্তুত নকৰিলে ৰাজ্য খনৰ আন আন নগৰৰ দৰে বোকাখাত নগৰেও যে ভয়ংকৰ ৰূপ ধাৰণ কৰিব সি প্ৰায় নিশ্চিত হৈ পৰিছে ।

এই ক্ষেত্ৰত কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক, বোকাখাত মহকুমা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহনৰ দাবী কৰিছে ভুক্তভোগী নগৰবাসীয়ে। ইফালে বোকাখাতৰ ৰজাবাৰীৰ পল' ক্লাৱৰ পৰা ৰাজগড় হৈ বিহৰা ১২ নম্বৰত সংযোগ হোৱা পকী উপ পথৰ ওপৰত থকা এখন দলং যিকোনো সময়ত ভাগি পৰাৰ সন্দেহ কৰা হৈছে।

ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা এটা জানৰ পানীয়ে লৈছে প্ৰলয়ংকাৰী ৰূপ। পানীৰ সোঁতে খহাই নিছে মাটি । খহাইছে দলঙৰ পশ্চিম অংশ । ফলত ফাটিছে গাৰ্ড ৱাল। এতিয়ালৈকে সেই স্থানত চকু পৰা নাই লোক নিৰ্মাণ বিভাগৰ ।

আনহাতে কুৰুৱাবাহী পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা এটা পথত ওপচি পৰা পানীৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত । পথটোত বৰষুণে সৃষ্টি কৰা বানে কি অৱস্থা কৰিছে, সেইয়া নেদেখিলে বিশ্বাস কৰা টান হৈ পৰিছে।

কুৰুৱাবাহী পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুৰুৱাবাহী সত্ৰলৈ যোৱা পথটোৰ ওপৰেদি বৰষুণৰ পানী বাগৰি থকাত পথটোৰ বিস্তৰ ক্ষতি হৈছে। বৰচাপৰি আৰু বিহৰা বাগিছাৰ সীমাৰ প্ৰকাণ্ড ড্ৰেনৰ পানী বৈ আহি কুৰুৱাবাহী তিনি আলি হৈ উক্ত পথেদি পানী বাগৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ বাসিন্দাসকলক জলবন্দী কৰি ৰাখিছে । এই ক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসনক বহু আবেদন নিবেদন কৰিও কোনো ফল নধৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী।

নাই কোনো বিজ্ঞান সন্মত পৰিকল্পনা, নেৰানেপেৰা বৰষুণৰ ফলত  কৃত্ৰিম বান বোকাখাতত...
ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ১ কোটি ৭০ লাখ আত্মসাৎ কৰি পলায়ন প্ৰৱঞ্চকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in