আঠখেলীয়া নামঘৰৰ 'অষ্ট নিধি স্বৰ্ণ বঁটা' ঘোষণাঃ বিনামূলীয়া শিক্ষা, উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ...

আঠখেলীয়া নামঘৰৰ 'অষ্ট নিধি স্বৰ্ণ বঁটা' ঘোষণাঃ বিনামূলীয়া শিক্ষা, উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ...

author-image
Asomiya Pratidin
New Update
আঠখেলীয়া নামঘৰৰ 'অষ্ট নিধি স্বৰ্ণ বঁটা' ঘোষণাঃ বিনামূলীয়া শিক্ষা, উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ...

আঠখেলীয়া নামঘৰৰ 'অষ্ট নিধি স্বৰ্ণ বঁটা' ঘোষণাঃ বিনামূলীয়া শিক্ষা, উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে মেধাৱী শিক্ষাৰ্থীক প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰিব অষ্টনিধি স্বৰ্ণ বঁটা৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত ৰাজ্যখনৰ ভিতৰত প্ৰথম স্হান লাভ কৰা সংকল্পজিৎ শইকীয়াক এই বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে৷

বঁটাত ১০ গ্ৰাম সোণ, চেলেং, গামোছা, সঁফুৰাৰ লগতে সম্বৰ্ধনা পত্ৰ থাকিব৷ আনহাতে শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ আঠ খেলুৱৈ অন্তৰ্গত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধা তথা উচ্চ নম্বৰ প্ৰাপ্ত প্ৰাঞ্জল শইকীয়া আৰু তপন বৰাক স্নাতক পৰ্যায়লৈকে সম্পূৰ্ণ পঢ়া-শুনাৰ খৰছ নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ লগতে বৃহত্তৰ আঠখেলীয়া অঞ্চলটোৰ আটাইকেইখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কৰ্ণধাৰ সমিতিয়ে৷

ইয়াৰোপৰি কৰ্ণধাৰ সমিতিয়ে বছা বৰাপথাৰ নামঘৰ আৰু আঠখেলীয়া আঞ্চলিক শিৱ মন্দিৰ নিৰ্মাণৰ কাৰণে ১০ টাকৈ পকী খুঁটা,আঠখেলীয়া নামঘৰৰ উদ্যোগত জিলা ভিত্তিত স্বাস্থ্য মেলা আয়োজন কৰি ২৯৯ জন ব্যক্তিক চিকিৎসা প্ৰদান, ৫ জন ব্যক্তিক চিকিৎসা কৰিবৰ কাৰণে এককালিন আৰ্থিক সাহাৰ্য প্ৰদান, ১৫ জন ভক্তক জগন্নাথ ধামলৈ পথোৱা খৰছ বহন কৰা কথা উল্লেখ কৰে৷

Also Read: গুৱাহাটীত তামিলনাডু আৰক্ষীৰ অভিযানঃ নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ...

আঠখেলীয়া নামঘৰ