হজলৈ গৈ মদিনাৰ পবিত্ৰ ভূমিত শেষ নিশ্বাস ত্যাগ গোলাঘাটৰ ছাইফুদ্দিন আহমেদৰ

হজলৈ গৈ মদিনাৰ পবিত্ৰ ভূমিত শেষ নিশ্বাস ত্যাগ গোলাঘাটৰ ছাইফুদ্দিন আহমেদৰ
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট নগৰৰ ৩নং ৱাৰ্ডৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত বেংক পৰিচালক ছিৰাফুদ্দিন আহমেদৰ সোমবাৰে চৌদি আৰবৰ মদিনাত পৰলোক প্ৰাপ্তি ঘটে । জানিব পৰা অনুসৰি দ্বিতীয় বাৰৰ বাবে হজলৈ গৈ কালি সন্ধিয়া প্ৰায় সাত বজাত তেওঁ মদিনাত সৰ্তীথ সকলৰ সৈতে ধৰ্মীয় ৰীতি-নীতিৰে আৰধনা কৰি থাকোতেই হৃদ ৰোগত আক্ৰান্ত হয়।

সৰ্তীথসকলে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ভক্তপ্ৰাণ ছৰিফুদ্দিন আহমেদৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাট চহৰতে শোকৰ ছাঁ পৰে। ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা ছাৰিফুদ্দিন আহমেদে মুছলিম সমাজ কল্যান পৰিষদৰ কোসাধ্যক আৰু হজৰত আজান পীৰ জাকাত পুঁজিৰ কাৰ্যকৰী সভাপতী ৰূপে সেৱা আগবঢ়াইছিল ।

তেওঁ চিকিৎসক পুত্ৰ ডা:মিজান আহমেদ আৰু জীয়াৰী চাযোক্তা ৰুহিকে ধৰি বোৱাৰী নাতি নাতিনী আদি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে । পৰিয়ালৰ সূত্ৰে জানিব পৰা অনুসৰি তেওঁ মৃত্যু বৰণ কৰা আৰৱৰ পবিত্ৰ মাটিতেই তেওক সমাধিস্থ কৰা হব। ছিৰাফুদ্দিন আহমেদৰ মৃত্যুত আমছুৰ (খিলঞ্জীয়া) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইছাদ হুছেইন , কাৰ্যকৰী সভাপতি নুৰুল আলি ।

সাধাৰণ সম্পাদক পাপু হাজৰিকা মুখ্য ,সাংগঠনিক সম্পাদক বাবুল আলি হাজৰিকা ,গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মা, সাধাৰণ সম্পাদক দ্বীপেন বৰা, উজনী অসম মুছলিম কল্যাণ পৰিষদ আদি অনুষ্ঠান প্ৰতিষ্ঠা নে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

হজলৈ গৈ মদিনাৰ পবিত্ৰ ভূমিত শেষ নিশ্বাস ত্যাগ গোলাঘাটৰ ছাইফুদ্দিন আহমেদৰ
মঙলদৈত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ; বিভাগীয় কৰ্তৃপক্ষক দিলে নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in