অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু 'জননী বাৰ্তা'ৰ বিশেষ পদক্ষেপ

অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু 'জননী বাৰ্তা'ৰ বিশেষ পদক্ষেপ

author-image
Asomiya Pratidin
New Update
অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু 'জননী বাৰ্তা'ৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ, কাজিৰঙা: চাহ বাগিছা তথা গ্ৰামাঞ্চলৰ শৈক্ষিক পৰিৱেশৰ উন্নীত কৰাৰ মানসেৰে এক অভিলাষী আঁচনি হাতত লৈছে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ লগতে জননী বাৰ্তা নামৰ সংবাদপত্ৰই৷ প্ৰথম পৰ্যায়ত গোলাঘাট জিলাৰ বিভিন্ন বাগিছাত এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে পৰিকল্পনা লৈছে৷ এই সামগ্ৰিক বিষয় সন্দৰ্ভত কাজিৰঙাৰ গেলেকীত অনুষ্ঠিত হয় জননী বাৰ্তা আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলাৰ অধীনত গঠন হোৱা বোকাখাত শিক্ষা সমিতিৰ এক জৰুৰী সভা ৷

চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজিয়ে জানিবলৈ দিয়া মতে, চাহ বাগিছা তথা গ্ৰামাঞ্চলৰ শৈক্ষিক পৰিৱেশৰ উন্নীতকৰণ, বিদ্যালয়সমূহ তথা ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰে সংযোগ স্থাপন কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ লৈ সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্যেৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলাৰ অধীনত গোলাঘাট জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অনুমোদন সাপেক্ষে বিগত মাহত জিলাখনত গঠন কৰা হয় ৯ খনকৈ শিক্ষা সমিতি৷

জিলাখনৰ বোকাখাত, শাওতলী, খুমটাই, দক্ষিণ হেঙেৰা, মৰঙি, ৰঙাজান, ধনশিৰি-সৰুপথাৰ, ফৰকাটিং আৰু দেৰগাঁও চাৰ্কোল হিচাপে চিহ্নিত কৰা এই ৯ খন শিক্ষা সমিতিয়ে ইতিমধ্যেই ক্ষেত্ৰভিত্তিক কাম-কাজ আৰম্ভ কৰিছে৷ ইফালে, প্ৰাৰম্ভিক কাম-কাজ আগবঢ়োৱা বোকাখাত শিক্ষা সমিতিৰ আজিৰ জৰুৰী সভাখনত সভাপতিত্ব কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰে৷

কাজিৰঙাৰ গেলেকী গ্ৰাম কালী থানত অনুষ্ঠিত এই সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ গোলাঘাট জিলাৰ সম্পাদক তথা জননী বাৰ্তা কাকতৰ সম্পাদক সোণেশ্বৰ বাঢ়ৈয়ে সভাত শিক্ষা সমিতিৰ সদস্য সকলক সমিতিখনৰ কাম-কাজ আৰু পদ্ধতি-প্ৰক্ৰিয়া সন্দৰ্ভত অৱগত কৰে৷

বোকাখাত শিক্ষা সমিতিৰ জ্যেষ্ঠ সদস্য তথা অৱসৰ প্ৰাপ্ত শিক্ষকদ্বয় ভৰত ৰবিদাস আৰু দয়াৰাম মাজি উপস্থিত থকা সভাতে কাজিৰঙা-বোকাখাত অঞ্চলত সমিতিয়ে বিদ্যালয় সমূহ পৰিদৰ্শন কৰা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সাক্ষাৎ কৰি অভাৱ-অভিযোগ, সুবিধা-অসুবিধাৰ বুজ লোৱাৰ কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ লয়৷ সভাত শিক্ষা সমিতিৰ বাবলু মুণ্ডা, ৰবীন উৰাং, লেখামণি কালিন্দী, উদয় মুণ্ডা আদিৰ লগতে জননী বাৰ্তাৰ সাংবাদিকদ্বয় জনালী পাতৰ আৰু সুনীতা তাঁতী উপস্থিত থাকে৷

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

অসম চাহ জনগোষ্ঠী সাহিত্য সভা