গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী

মেডিকেলত সংৰক্ষিত আসন লাভৰ সুবিধা কৰি দিয়া বৃহৎ কেলেংকাৰীৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী
Published on

ডিজিটেল সংবাদ, গোলাঘাট : অনা চাহ জনগোষ্ঠী প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানেৰে মেডিকেলত সংৰক্ষিত আসন লাভৰ সুবিধা কৰি দিয়া বৃহৎ কেলেংকাৰীৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী চাহ জনজাতি ছাত্ৰ সন্থাৰ। এই দাবীৰে মঙলবাৰে গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট আৰু বৰপথাৰ শাখাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।‌

উল্লেখ্য যে,অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানেৰে মেডিকেলৰ এম,বি,বি,এছ আৰু বি,ডি,এছ পাঠ্যক্ৰমত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসন দখলৰ বৃহৎ কেলেংকাৰী আটছাই গোলাঘাটত তথ্য সহকাৰে উন্মোচিত কৰে । যোৱা ২৪ জুনত প্ৰমাণপত্ৰ কেলেংকাৰীৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই গোলাঘাট সদৰ আৰক্ষী থানা, বৰপথাৰ আৰক্ষী থানাত আটছাই এজাহাৰ দাখিল কৰাৰ পাছত গোচৰ পঞ্জীয়ন হয় ।

চাহ জনজাতি জাতীয় সন্মিলনী, গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাঁওৰা আৰু অসম চাহ মজদূৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি পৱিত্ৰ জালে সংঘটিত কৰা এনে কেলেংকাৰী জ্বলন্ত ৰূপত আটছাই উন্মোচিত কৰে । কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত নিৰপেক্ষ তদন্তৰ খাতিৰত অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰৰ দাবীত আটছাই গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটছা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ, বোকাখাত, দেৰগাঁও শাখা সমিতিৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।‌

আটছা, গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল টুৰি,সাধাৰণ সম্পাদক সুশীল কালান্দী, গোলাঘাট শাখাৰ সম্পাদক সুমিত দীপ,সাধাৰণ সম্পাদক অনুজ কুৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেঁওলোকে অনা চাহ জনগোষ্ঠীৰ লোকক প্ৰদান কৰা চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ নাকচ কৰা আৰু জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা ব্যক্তি সকলৰ গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় ।

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী
দুষ্কাৰ্যৰে জড়িতসকলক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী আক্ৰাছুৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in