মেৰাপানীত নাগাই অপহৰণ কৰিলে অসমীয়া যুৱকক...

মেৰাপানীত নাগাই অপহৰণ কৰিলে অসমীয়া যুৱকক...

author-image
Asomiya Pratidin
New Update
মেৰাপানীত নাগাই অপহৰণ কৰিলে অসমীয়া যুৱকক...

মেৰাপানীত নাগাই অপহৰণ কৰিলে অসমীয়া যুৱকক...

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানী সীমান্তৰ তৰাণি ইন্দ্ৰপুৰত উত্তেজনা। চুবুৰীয়া নাগালেণ্ডৰ ব্যক্তিয়ে ভয় ভাবুকিৰে অপহৰণ কৰিলে তৰাণি ইন্দ্ৰপুৰৰ অসমীয়া যুৱকক।

অপহৃত যুৱকজনক নাম বাবু গগৈ। ঘটনাৰ সন্দৰ্ভত সীমান্তত নিয়োজিত CRPF আৰু মেৰাপানী আৰক্ষীক অৱগত কৰিছে পৰিয়ালে।

Also Read: মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

যুৱকজনৰ মাতৃয়ে জনোৱা মতে সমীপৰ নগা পাহাৰৰ কোনো নগালোকে অসমীয়া লোকৰ পশুধন দাৰে কাটিবলৈ লোৱাত বাধা দিয়াৰ বাবেই ভাবুকি প্ৰদান কৰি মাৰপিট কৰে আৰু বলপূৰ্বক উঠাই লৈ যায়। ঘটনাক লৈ আতংকময় পৰিবেশ সৃষ্টি হৈছে অঞ্চলটোত।

সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই।

Also Read: কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত যুৱক...

মেৰাপানী