সমাগত পবিত্ৰ ভাদ মাহঃ ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ কৰ্তৃপক্ষ

সমাগত পবিত্ৰ ভাদ মাহঃ ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ কৰ্তৃপক্ষ
Published on
Updated on

ডিজিটেল সংবাদ, ঘিলাধাৰীঃ পবিত্ৰ ভাদ মাহৰ মাহযোৰা নাম মহোৎসৱত লাখ-লাখ ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি ৷ গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চল অন্যতম ধৰ্মীয় পীঠস্থান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰলৈ পবিত্ৰ ভাদমাহৰ নাম মহোৎসৱত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হয় ৷

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ বাবে কৰ্ণধাৰ সমিতিয়ে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে ৷ অসীম বৰাক সভাপতি, নৰেন বৰাক সম্পাদক, ক্ষীৰেশ্বৰ বৰাক উপ-সভাপতি, বীৰেন শইকীয়াক সহঃ সম্পাদক হিচাপে লৈ মাহজোৰা নাম মহোৎসৱৰ উদযাপন সমিতি গঠন কৰা হয় ৷ তাৰোপৰি ভক্তিপ্ৰাণ ৰাইজ সমাগম হওঁতে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ১৭খন উপ-সমিতি গঠন কৰা হৈছে ৷

সিংহদ্বাৰ, হস্তীদ্বাৰৰ পৰা নামঘৰলৈ ৰং-তুলিকাৰে সকলো সজাই পৰাই তুলিছে কৰ্তৃপক্ষই ৷ শৰাই-নৈবদ্য, চাকি-ধূপ আগবঢ়োৱা, সকলো ভক্তই প্ৰসাদ লাভ কৰা, দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলৰ থকা কাৰণে থকাৰ সু-পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ভক্তৰ স্বাস্থ্যৰ দিশটো আঠখেলীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে জিলা স্বাস্থ্য বিভাগ, সুৰক্ষা দিশটো জিলা আৰক্ষী বিভাগ আৰু সকলো ক্ষেত্ৰতে জিলা প্ৰশাসনে বিগত বৰ্ষৰ দৰে এইবাৰো সহযোগিতা আগবঢ়াব বুলি কৰ্ণধাৰ সমিতিয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য দৈনিক ৪ বজাত প্ৰাতঃ প্ৰসঙ্গ, ১১ বজাত দুপ প্ৰসঙ্গ, ২:৩০ বিয়লা প্ৰসঙ্গ, ৬ বজাত সন্ধ্যা প্ৰসঙ্গ অনুষ্ঠিত হ'ব যদিও পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তৰ প্ৰতি লক্ষ্য ৰাখি ৰাতি ১০ বজালৈকে ভক্তিপ্ৰাণ ৰাইজে চাকি-ধূপ, শৰাই আগবঢ়াব পাৰিব৷

সমাগত পবিত্ৰ ভাদ মাহঃ ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ কৰ্তৃপক্ষ
কঠীয়াতলীত ধোঁৱা চাঙত জল জীৱন আঁচনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in