ডিজিটেল সংবাদ, নুমলীগড়ঃ অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষি-পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ দুসুঁতিমুখ পঞ্চায়তৰ অন্তৰ্গত পাঠৰি ৰংগমঞ্চত শুকুৰবাৰে এক বৃহৎ প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত হয় ৷ গুলুং পাঠৰি উন্নয়ন সমিতি, দেৱীথান-নাগকাটি গাঁও উন্নয়ন সমিতি আৰু বৃহত্তৰ ৰঙাগড়া-মৰঙিয়াল গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত সভাত প্ৰতিকূল বতৰকো নেওচি কেইবাশতাধিক পুৰুষ-মহিলা সমবেত হয় ৷
গুলুং পাঠৰি উন্নয়ন সমিতিৰ সভাপতি তৰুণ দলেৰ সভাপতিত্বত আৰু তেজ কুমাৰ দলেয়ে আঁত ধৰা সভাত সমাজকৰ্মী অতুল দলেয়ে উদ্দেশ্য ব্যাখ্যা কৰে ৷ উল্লেখযোগ্য যে, ২০২১ৰ ২৬ ফেব্ৰুৱাৰীতে আধাৰশিলা স্থাপন কৰাৰ পিচত যোৱা দুবছৰে কোনোধৰণৰ নিমাৰ্ণ কাৰ্য নচলোৱাৰ অন্ততঃ পুনৰ সেই পথৰে অন্য এটা উপ-পথৰ আধাৰশিলা স্থাপন কৰিবলৈ বিগত ৭ জুনৰ দিনা দুসুঁতিমুখ অঞ্চলটোলৈ অহা কৃষিমন্ত্ৰী অতুল বৰাক উত্তেজিত ৰাইজে পথ সম্পৰ্কীয় প্ৰশ্ন উত্থাপন কৰ ৷
কিন্তু মন্ত্ৰীগৰাকীয়ে ৰাইজক ক্ষান্ত কৰিব নোৱাৰি গোচৰ তৰাৰ হুমকিৰে সেই স্থান ত্যাগ কৰে ৷ ইয়াৰ পিচৰে পৰা বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে জ্বলি উঠিছে দ অঞ্চল ৷ যোৱা দহ দিনে প্ৰতিবাদ মুখৰ হৈ থকা অঞ্চলটোত শুকুৰবাৰে পুনৰ বৃহৎ গণ সমাৱেশত সৰ্বসাধাৰণ ৰাইজ সমবেত হয় ৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষকক্ৰমে নবেন দলে আৰু বিষ্ণু মৰাং, যুৱ নেতা প্ৰাঞ্জল দাস, শান্তনু দাস, পুতুল দলে, সোণেশ্বৰ নৰহ, জীৱন দলে তথা পুতুল নৰহকে আদি কৰি সচেতন ব্যক্তিসকলে বক্তব্য প্ৰদান কৰি তীব্ৰ ক্ষোভ প্ৰদৰ্শন কৰে ৷
আধাৰশিলাৰ নায়ক হিচাবে মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰি ৰাইজক আভুৱা-ভঁৰা কাৰবাৰ এতিয়া চলাবলৈ দিয়া নহ’ব বুলি সকলো সংকল্পবদ্ধ হয় ৷ সভাত ‘উন্নয়ন আমাৰ অধিকাৰ; উন্নয়ন আমাক লাগিবই’ বুলি দৃঢ়তাৰে দাবী উত্থাপন কৰে৷ বিশেষকৈ সভাই অতুল বৰাৰ নিৰ্দেশত নিদোৰ্ষী ৮ জনকৈ লোকৰ ওপৰত দিয়া গোচৰক কেন্দ্ৰ কৰি ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ৷ যেতিয়ালৈকে এই নিৰীহ লোকসকলৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা নহয়; তেতিয়ালৈকে কোনো ধৰণৰ আলোচনাতে অতুল বৰাৰ সৈতে ৰাইজে অংশগ্ৰহণ নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে৷
তদুপৰি, সভাই স্পষ্ট কৰি দিয়ে যে, গোচৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত ৰাইজে দ অঞ্চললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিব ৷ কেইবাশতাধিক পুৰুষ-মহিলাৰ উপস্থিতিত সাংবাদিক-নিৰীহ লোকক দিয়া ভাবুকিৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী জনায় ৷ সভাত অতুল বৰাই ৰাইজৰ প্ৰতিবাদত সেও মানি কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈয়ে কেৱল এটা বিজ্ঞাপনৰ আধাৰতে ইতিমধ্যে দুসুঁতিমুখ-পাঠৰি সংযোগী পথৰ তাৎক্ষণিকভাৱে নিমাৰ্ণ কৰিবলৈ লোৱা কাৰ্যও চৰ্চিত হয় ৷
যোৱা দুবছৰে গভীৰ নিদ্ৰাত মগ্ন থকা মন্ত্ৰী গৰাকীৰ ৰাইজৰ প্ৰতিবাদৰ পিচতহে চকু মেল খালে বুলিও চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইপিনে, শুকুৰবাৰৰ সভাই বৰবিল পাঠৰি-দেৱীথান সংযোগী পথ আৰু দলং, পাঠৰি চেলেক গাঁও-লাকলঙীয়া সংযোগী পথৰ নিমাৰ্ণ, অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয়খন ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ, বান প্ৰতিৰোধী ৰিং বান্ধ অফলা আৰু ৰোহিতা চাপৰিলৈকে সম্প্ৰসাৰণ কৰা, পশু চিকিৎসালয় স্থাপন কৰা, মহুৰামুখত নতুনকৈ উন্নয়ণ খণ্ড কাযাৰ্লয় স্থাপন কৰা, বোকাখাত বিধানসভা সমষ্টিৰ এলেকাকে বোকাখাত মহকুমা প্ৰশাসনিক এলেকাৰ অধীনলৈ নিয়াকে আদি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ দাবীও উত্থাপন কৰে ৷
এইক্ষেত্ৰত, দাবীসমূহ ৰাইজৰ মাজলৈ নিয়াৰ লগতে উন্নয়ন সমিতিসমূহক লগত লৈ জীপাল কৃষক-শ্ৰমিক সংঘক এক গণ স্বাক্ষৰ অভিযান আগুৱাই নিবৰ বাবে কতৃৰ্ত্ব প্ৰদান কৰে৷
Also Read: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ শাখা গঠন...