অতুল বৰাৰ ৰঙালাও খেতি আৰু থলুৱা ঐতিহাসিক কৃষি সংস্কৃতিৰ মেলাচিকাৰ

কৃষি মন্ত্ৰীৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য

author-image
Asomiya Pratidin
New Update
অতুল বৰাৰ ৰঙালাও খেতি আৰু থলুৱা ঐতিহাসিক কৃষি সংস্কৃতিৰ মেলাচিকাৰ

অতুল বৰাৰ ৰঙালাও খেতি আৰু থলুৱা ঐতিহাসিক কৃষি সংস্কৃতিৰ মেলাচিকাৰ

ডিজিটেল সংবাদ বোকাখাতঃ স্বাভাৱিকতেই শতিকা পূৰ্বৰ পৰা ব্ৰহ্মপুত্ৰ, ধনশিৰি, গেলাবিল এই তিনিওখন নদীৰ পাৰৰ অৰ্থাৎ চাপৰিসমূহৰ মাটিৰ প্ৰাকৃতিক উৰ্বৰতাই স্থানীয় কৃষকসকলক উৎসাহিত কৰি আহিছে। সেই উৰ্বৰতা আৰু স্বাভাৱিক উৎসাহক সম্বল হিচাপে লৈয়েই স্থানীয় কৃষকসকলে পৰম্পৰাগত কৃষি প্ৰনালীৰে থলুৱাভাৱে সংৰক্ষিত বীজেৰে ৰঙালাওকে আদি কৰি বিভিন্ন ৰবি শস্যৰ খেতি কৰি আহিছিল।

এয়া এই তিনিওখন নদী উপত্যকাৰ মানুহৰ ঐতিহাসিক কৃষি সাংস্কৃতিক পৰিচয়ো। যাৰ বাবে মাটিৰ গুণাগুণ কেতিয়াও হ্ৰাস পোৱা নাছিল আৰু উৎপাদিত শস্যৰ গুণাগুণক লৈও কোনোদিনেই প্ৰশ্নৰ অৱতাৰণা হোৱা নাছিল। কাজেই এই কৃষি আৰু উৎপাদিত শস্য আছিল স্বাস্থ্যসন্মত।

এই উৎপাদিত শস্যৰ নিয়মিত‌ ব্যৱহাৰে বৰ্তমানৰ দৰে বিভিন্ন স্বাস্থ্যজনিত অচিন সমস্যাৰ সৃষ্টি কৰা নাছিল এই তিনিওখন নদী উপত্যকাৰ মানুহখিনিৰ। ৬০ দশকৰ পৰা নৰমান বৰলগ (Norman Ernest Borlaug, American Agronomist, 1914-2009) আৰু তেওঁৰ ভাৰতীয় শিষ্য কৃষি বিজ্ঞানী ড০ স্বামীনাথনৰ নেতৃত্বত সূচনা হোৱা 'সেউজ বিপ্লৱ'ৰ বোকোচাত উঠি যি বৰ্ণসংকৰ বীজ কৃষি পথাৰসমূহত বিয়পি পৰিল সেই বীজৰ বহুল ব্যৱহাৰে তীব্ৰ গতীত গ্ৰাস কৰি পেলালে থলুৱা শস্যৰ বীজসমূহ।

অৱধাৰিতভাৱেই অধিক উৎপাদনৰ আশাত অসমৰ কৃষকসকলো থলুৱা শস্যৰ বীজৰ পৰিবৰ্তে বৰ্ণসংকৰ বীজৰ ব্যৱহাৰত অভ্যস্ত হৈ পৰিল। তাৰ পিছতো সুক্ষ্মভাবে লক্ষ কৰিলে দেখা পোৱা গৈছিল যে যদিও অসমৰ কৃষি পথাৰসমূহ বৰ্ণসংকৰ বীজে প্ৰায় সৰ্বস্তৰতে গ্ৰাস কৰিছিল তথাপিও কিছু কিছু প্ৰান্তীয় অঞ্চল আৰু ইয়াৰ কৃষক সমাজ এই সৰ্বগ্ৰাসী বৰ্ণসংকৰ বীজৰ পৰা মুক্ত হৈ আছিল আৰু থলুৱা বীজৰ কৃষি আৰু থলুৱা উপায়েৰেই বীজৰ সংৰক্ষণতো আগ্ৰাধিকাৰ দি আহিছিল।

এই ক্ষেত্ৰত বোকাখাত মহকুমাৰ নদী উপত্যকাসমূহ আছিল উল্লেখযোগ্য। কিন্তু বিগত দুটাকৈ কাৰ্যকালত বোকাখাতৰ বিধায়ক হৈ থকা আৰু কৃষিমন্ত্ৰীৰ দায়িত্বত থকা অতুল বৰাই বোকাখাত বিধানসভা সমষ্টিৰ কৃষিপথাৰসমূহত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বীজ, কীটনাশক আৰু সাৰ আদিৰ বণিয়াসকলক সন্তুষ্ট কৰি নিজেও মুনাফা লুটাৰ স্বাৰ্থত থলুৱা কৃষি সংস্কৃতি আৰু থলুৱা বীজ ধ্বংসকাৰী বৰ্ণসংকৰ বীজৰ এখন বৃহৎ বজাৰ মুকলি কৰি দিছে।

যাৰ বাবে অতি ক্ষীপ্ৰতাৰে বোকাখাত বিধানসভা সমষ্টিৰ কৃষিপথাৰৰ পৰা অন্তৰ্ধান হৈছে থলুৱা বীজসমূহ। যিসমূহ সমষ্টিটোৰ কৃষক ৰাইজৰ কৃষিকাৰ্যৰ সম্বলেই নহয়, ই আছিল এক শক্তিশালী কৃষি পৰম্পৰাও। কিছুদিনৰ পৰা অসমৰ ৰাইজে নিশ্চয় লক্ষ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা উৎপাদিত বৃহৎ পৰিমাণৰ ৰঙালাওৰ বিজ্ঞাপনৰ বাবে অধিক সময় আৰু বোকাখাতৰ একাংশ সুযোগ সন্ধানী সাংবাদিকক ব্যৱহাৰ কৰি আহিছে।

এইটোও সত্য যে বোকাখাতৰ পৰা মন্ত্ৰীগৰাকীৰ মদতপুষ্ট কিছু সংখ্যক কৃষকে বছৰি চমকপ্ৰদ ৰঙালাও উৎপাদন কৰিছে। কিন্তু কি এই চমকপ্ৰদ উৎপাদিত ৰঙালাওৰ বীজ? এই বীজ সমূহেই হৈছে কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে যোগান ধৰা সৰ্বনাসী Arjuna F1 আৰু Sw 137 (সমগোত্ৰীয় আৰু আছে) বৰ্ণসংকৰ বীজ। যাৰ দ্বাৰা চলিত বৰ্ষত বোকাখাতৰ পৰা ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাও উৎপাদন কৰোৱাই কৃষি মন্ত্ৰী অতুল বৰা বোকাখাত সমষ্টিৰ কৃষি উন্নয়নৰ বৃহৎ দাবীদাৰ হৈছে।

অন্যহাতেদি সমষ্টিটোৰ সাতামপুৰুষীয়া আৰু ঐতিহাসিক কৃষি সংস্কৃতিৰ মেলাচিকাৰত লিপ্ত হৈছে। ইফালে আকৌ একেজন কৃষিমন্ত্ৰীয়েই সভায়ে-সমিতিয়ে-আলোচনা চক্ৰ-কৰ্মশালায়ে থলুৱা বীজৰ কৃষি, সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে বুলি উৰ্ধ্ববাহুৰ ভাষণ প্ৰদান কৰি চৰম কৌশলীস্থিতি গ্ৰহণ কৰি আহিছে। লগতে বৰ্ণসংকৰ ৰঙালাওৰ খেতিকে কৃষিক্ষেত্ৰখনৰ অন্য কোণসমূহৰ বিফলতাক ঢাকিবলৈ ঢাল হিচাপেও ব্যৱহাৰ কৰি আহিছে।

কিন্তু দুৰ্ভাগ্যজনকভাবে বছৰি বছৰি কৃষিমন্ত্ৰীগৰাকীৰ মদতলৈ বৰ্ণসংকৰ বৰঙালাও আৰু আন শস্যৰ খেতি কৰা আমাৰ কৃষকসকলে হৈ থকা অধিক উৎপাদনৰ জিলিকণিত ছানি পৰা চকুৰে কৃষিমন্ত্ৰী অতুল বৰাৰ ষড়যন্ত্ৰক মনিব পৰা নাই। লগতে পৰা নাই তলকিবও যে ক'ব নোৱাৰাকৈয়ে তেওঁলোকো নিজৰেই সহোদৰ এখন বৃহৎ কৃষক সমাজৰ চলি থকা হত্যাযজ্ঞৰ একো একোজন অংশীদাৰ হৈ পৰিছে বা এক গৌৰৱপূৰ্ণ কৃষি সংস্কৃতিক নিঃশেষ কৰি দিয়াৰ হৈ পৰিছে একো একোজন প্ৰধান হোতা।

এইখিনিতে সকীয়াই দিবলৈ মন যায় (অৱশ্যে অন্ধমোহ সৃষ্ট অহংবোধে তেওঁলোকক এই সকীয়নি গ্ৰহন কৰিবলৈ নিদিয়াৰ আশংকাই বেছি) যে মৰুভূমি সদায় লাহে লাহেই আহে। এটা সময়ত বোকাখাতৰ কৃষি পথাৰ সমূহৰ পৰা যেতিয়া সংগ্ৰহালয়ত থ'বলৈও এটি থলুৱা শস্যৰ বীজ নোহোৱা হৈ যাব, তেতিয়া কিন্তু ইতিহাসে তেওঁলোককেই উঠাব বিচাৰৰ শেষ কাঠগৰাত। কাৰণ একমাত্ৰ 'সেউজ বিপ্লৱ'ৰ ষড়যন্ত্ৰতেই আমি হেৰুৱাইছো আমাৰ কৃষি সাংস্কৃতিক ঐতিহ্য আৰু আমাৰ ভৱিষ্যতৰ গ্ৰাম্য অৰ্থনৈতিক সুৰক্ষা।

Also Read: পানীৰ মাজত দ্বীপৰ দৰে থিয় হৈ আছে বিদ্যালয়ঃ প্ৰৱেশদ্বাৰত অসহায় শিক্ষক, শিক্ষাৰ্থী...

অতুল বৰা বোকাখাত