বৰহোলাত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা সম্পন্ন...

বৰহোলাত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা সম্পন্ন...
বৰহোলাত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত আৰু যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত বৰহোলা পঞ্চায়ত ভৱনত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। এছ এ আৰ এল এমৰ সংযোগ সখী ৰীতা মৰাণ বাৰ্লোৱে আঁতধৰা সভাখনত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা বিশ্বজিৎ হাজৰিকাই শিশু শ্ৰমৰ বিষয়ে বক্তব্য দাঙি ধৰে।

তেওঁ কয় যে কোনো দেশ বা জাতিৰ মানদণ্ডস্বৰূপ আমাৰ শিশুসকলৰ যেতিয়া উন্নতি আৰু উচ্চশিক্ষাৰে শিক্ষিত হ'ব তেতিয়াহে সমাজ উন্নতিৰ দিশে ধাৱমান হ'ব। আমাৰ শিশুসকলে যিটো সময়ত হাঁহি মাতি ৰং ধেমালিৰ মাজেৰে মাটিৰ পৃথিৱী স্বৰ্গৰ নন্দন কানন কৰি তুলিব লাগিছিল সেই সময়ত কিছুমান শিশুৱে কৰ্মত জড়িত হৈ পৰাতো দুৰ্ভাগ্যজনক। আজিৰ এই দিনটো শিশু শ্ৰম বিৰোধী দিৱস হিচাপে পালনৰ উদ্দেশ্য হৈছে যে আমাৰ দেশত বহুত শিশু শ্ৰমত নিয়োজিত হৈ আছে। যিসময়ত শিশুৱে শিক্ষা গ্ৰহণ কৰিব লাগিছিল সেই সময়ত বহুত শিশু শ্ৰমত নিয়োজিত হৈ আছে। ইয়াৰ মূলত হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ ফলতে অভিভাৱকসকলে শিশুসকলে স্কুলত নামভৰ্তি কৰাৰ পৰিৱৰ্তে কামত নিয়োজিত কৰিছে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি যুগুত কৰিছে যদিও ফলপ্ৰসূ হ'ব পৰা নাই।গতিকে আমি শিশু শ্ৰম বন্ধ কৰিবলৈ সকলো সজাগ হ'ব লাগিব।

আনহাতে অধিবক্তা জোনমণি হাজৰিকাই কয় যে, শিশু শ্ৰমিক হ'ল এক জ্বলন্ত সমস্যা। এই শিশু শ্ৰমিক ৰোধ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব।শিশুসকলৰ এই ৰঙীন সময়ছোৱাত যদি শ্ৰম কৰিবলৈ দিয়া হয় তেতিয়া শিশুসকলৰ শাৰিৰীক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। শিশু শ্ৰমিক বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল দৰিদ্ৰতা,শিক্ষাৰ অভাৱ, প্ৰব্ৰজন, প্ৰাকৃতিক দুৰ্যোগ আদি। শিশু শ্ৰমৰ ফলত শিশুসকল পুষ্টিহীনতাত ভুগিব পাৰে,শাৰিৰীক আঘাত পাব পাৰে, শিক্ষাৰপৰা বঞ্চিত হ'ব পাৰে,ভৱিষ্যত অন্ধকাৰ হ'ব পাৰে।এ ই শিশু শ্ৰম ৰোধ কৰিবৰ কঠোৰ আইন বলবৎ কৰিব লাগিব আৰু যিজনে আইন উলংঘা কৰে সেইজনক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব।

অৰ্ধআইনী স্বেচ্ছাসেৱিকা দীপাঞ্জলী বৰুৱাইও শিশু শ্ৰম বিৰোধী দিৱস উলক্ষে বক্তব্য ৰাখে। এই সভাত বৰহোলা পঞ্চায়তৰ সচিব অৰ্চনা বৰা,জীৱিকা সখী ৰেখা ৰাজখোৱা,আত্মসহায়ক গোটৰ শতাধিক মহিলা উপস্থিত থাকে।

বৰহোলাত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা সম্পন্ন...
কঙ্গো নদীৰ উপনৈত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ২১ শিশুসহ ৮৬ জনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in