বৰহোলাৰ গড়াজানত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুই মহিলা

এগৰাকী মহিলাৰ ভৰিত উঠিল ডাম্পাৰৰ চকা
বৰহোলাৰ গড়াজানত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুই মহিলা
বৰহোলাৰ গড়াজানত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুই মহিলা
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ আজি পুৱা বৰহোলাৰ গড়াজান জি জি এছ চাৰিআলিত এখন শিলভৰ্তি ডাম্পাৰে এখন স্কুটি মহতীয়াই নিয়াৰ ফলত দুগৰাকী মহিলা গুৰুতভাৱে আহত হয়। জানিব পৰামতে বেকাজান দিশৰ পৰা যোৰহাট অভিমুখে গৈ থকা AS 09C 6720 নম্বৰৰ শিল কঢ়িওৱা ডাম্পাৰখনক অতিক্ৰম কৰি স্কুটিখন হঠাৎ ব্ৰেক মাৰি ৰৈ দিয়াত ডাম্পাৰখনে মহতীয়া নিয়ে।

ফলত স্কুটিখনৰ আৰোহী উষা মিছিং নামৰ মহিলাগৰাকী ডাম্পাৰখনৰ চকাৰ তলত পৰি যোৱাত সোঁ ভৰিৰ সম্পূৰ্ণ কৈ চেপি পেলায়। আনহাতে স্কুটি চলাই যোৱা ৰজন্তী পলং দূৰৈত চিটিকি পৰাত গুৰুতভাৱে আহত হয়।

ঘটনাৰ খবৰ পাই বৰহোলা আৰক্ষী উপস্থিত হৈ গাড়ীৰ ড্ৰাইভাৰ ইন্দজিৎ পলং আৰু ডাম্পাৰখন জব্দ কৰে। ইফালে গুৰতৰভাৱে আহত দুই গৰাকী মহিলাক ততালিকে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে বৰহোলা আৰক্ষীয়ে অতিৰিক্ত বোজাই কঢ়িয়াই নিয়া ডাম্পাৰসমূহ নিয়ন্ত্ৰণ নকৰাৰ বাবে এতিয়া সাধাৰণ পথচাৰীৰ বাবে শিল আৰু ছেণ্ডগ্ৰেভেল কঢ়িওৱা ডাম্পাৰসমূহ আতংকৰ কাৰণ হৈ পৰিছে।

বৰহোলাৰ গড়াজানত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুই মহিলা
বান পীড়িত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ আউনীআটী সত্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in