সংবাদজগতৰ পৰা খহি পৰিল এটি নক্ষত্ৰ ! জ্যেষ্ঠ সাংবাদিক- শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই

সংবাদজগতৰ পৰা খহি পৰিল এটি নক্ষত্ৰ ! জ্যেষ্ঠ সাংবাদিক- শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই

author-image
Asomiya Pratidin
New Update
সংবাদজগতৰ পৰা খহি পৰিল এটি নক্ষত্ৰ ! জ্যেষ্ঠ সাংবাদিক- শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই

ডিজিটেল ডেস্ক : অৱশেষত জীৱন যুঁজত ভাগৰি পৰিল এগৰাকী সংবাদযোদ্ধা ! জীৱনৰ অধিকাংশ সময় বাতৰিৰ পাছত দৌৰি দৌৰি অৱশেষত নিজেই হৈ পৰিল এটি কৰুণ বাতৰি। বোৱাৰী পুৱাই যেন তেঁওৰ এই খবৰ বাতৰি হৈ অসমৰ আকাশ-বতাহে গুঞ্জৰিত হ'ব সেই আশা কোনেও কৰা নাছিল ! কিন্তু বাস্তৱ সময় যে বৰ নিষ্ঠুৰ...।

মঙলবাৰে পুৱাই আহিল এটা অনাকাঙ্খিত খবৰ- জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা আৰু নাই। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা গোলাঘাটৰ বিকাশ শৰ্মাই মঙলবাৰে পুৱাই শেষ নিশ্বাস ত্যাগ কৰে।

অসুস্থ অৱস্থাত বিকাশ শৰ্মা
অসুস্থ অৱস্থাত বিকাশ শৰ্মা

মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৫৮ বছৰ। ১৯৬৬ চনত জন্মগ্ৰহণ কৰা বিকাশ শৰ্মাৰ পিতৃৰ নাম আছিল হেমকান্ত শৰ্মা আৰু মাতৃ প্ৰয়াত ৰেণু দেৱী।

উল্লেখ কৰা প্ৰয়োজন যে ১৯৮৮চনত তেজপুৰৰ পৰা প্ৰকাশিত ‘অগ্নিগড়’ আৰু ‘সাদিনীয়া সংবাদ’ৰ যোগেদি তেওঁ সংবাদক্ষেত্ৰত ভৰি থৈছিল। বিকাশ শৰ্মা প্ৰায় ৩৭বছৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯০চনত তেওঁ যোগদান কৰিছিল দৈনিক অসম কাকতত। সেই সময়ৰ অন্যতম এখন কাকত ‘আজি অসম’ৰো তেওঁ আছিল গোলাঘাটৰ সংবাদদাতা। তাৰ পৰৱৰ্তী সময়ত দীৰ্ঘদিনৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ সৈতে জড়িত হৈ পৰে। এক কথাত অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰে পৰা বিকাশ শৰ্মাৰ সম্পৰ্ক অতি নিবিড়।

বিকাশ শৰ্মালৈ ধনশিৰি গণ মঞ্চৰ বঁটা তথা সাহাৰ্য প্ৰদানৰ মুহূৰ্তত
বিকাশ শৰ্মালৈ ধনশিৰি গণ মঞ্চৰ বঁটা তথা সাহাৰ্য প্ৰদানৰ মুহূৰ্তত

অসমীয়া প্ৰতিদিনৰ গোলাঘাটত সংবাদদাতা হিচাপে তেঁও সুদীৰ্ঘ দিন কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিকতাৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো বিকাশ শৰ্মাই নিজৰ প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল।

‘দুঃসময়ৰ দিনলিপি’ অনুসন্ধানমূলক সাংবাদিকতাৰ প্ৰথমখন গ্ৰন্থ আছিল তেঁওৰ। ইয়াৰ উপৰিও তেঁও কেইবাখনো শিশু উপন্যাস ৰচনা কৰিছিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰতিমাহে তেওঁৰ " গোলাঘাট জিলাৰ ৰেহ- ৰূপ প্ৰচাৰ হৈছিল। ৰাষ্ট্ৰীয় নিউজ চেনেল Times Now ৰ জৰিয়তে বিকাশ শৰ্মাই দুবছৰ সংবাদ সেৱাৰ অভিজ্ঞতা লাভ কৰিছিল। গোলাঘাটৰ ইলেকট্ৰনিক মাধ্যমৰ প্ৰথম সংবাদ দাতা আছিল শৰ্মা।

বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈছিল পীযুষ হাজৰীকাই  User
বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈছিল পীযুষ হাজৰীকাই User

বিকাশ শৰ্মাই ৰচনা কৰা উপন্যাস হৈছে- "নামবৰত ৰাজু নিতু আৰু চন্দ্ৰ' আৰু " এখন যুদ্ধ হৈছিল"। দুয়োখন শিশু উপন্যাস সাহিত্য সভাৰ দ্বাৰা সদৌ অসম ভিত্তিত আয়োজিত শিশু উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত। ইয়াৰোপৰি পাপচক্ৰ, বিপ্লৱৰ মহা নায়ক ফিড্ৰেল কাষ্ট্ৰো' আছিল তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ।

জীৱনৰ ৩৭ টা বছৰ সংবাদ ক্ষেত্ৰত উছৰ্গা কৰা বাবে তেওঁক কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই ২০২৪ বৰ্ষৰ কাজিৰঙা বঁটা প্ৰদান কৰিছিল। লগতে দ্যা চেণ্টিনেল (By sentinal Grup) অনুসন্ধান মূলক সাংবাদিকতা বঁটা, R N Borooah & Prativa Borooah memorial Award--- 2014-2015 by Assam Tribune Group , দৈয়াং- ধনশিৰি ভেলী এৰ্ৱাড- ২০১৭,Kazirang Wild Life Conservation Award- 2016,গ্ৰাছ গ্ৰীণ এৱাৰ্ড-২০২৩, সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ জীৱন জোৰা সাধনা সাংবাদিকতাৰ বঁটা- ২০২৩, পৰাগ দাস সাংবাদিকতা বঁটা ২০২৪, উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়ত বঁটাও বিকাশ শৰ্মাক প্ৰদান কৰা হৈছিল।

বিকাশ শৰ্মাৰ কাষত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা
বিকাশ শৰ্মাৰ কাষত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থাতত ভূগি থকা সাংবাদিক বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'বলৈ ১৩ জুলাইত তেওঁৰ বাসগৃহলৈ গৈছিল সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা। শৰ্মাক উন্নত চিকিৎসাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি কৈছিল জয়ন্ত বৰুৱাই।

বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱা মুহূৰ্তত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা
বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱা মুহূৰ্তত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা

বহুমুখী প্ৰতিভাৰ আকৰ এই গৰাকী জ্যেষ্ঠ সাংবাদিক-শিশু সাহিত্যিকৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গোলাঘাটবাসী। তাৰোপৰি সাদিন- প্ৰতিদিন গোষ্ঠীয়েও আজি শোকস্তব্ধ হৈ পৰিছে।

Also Read: মেট্ৰিক দিব নেকি আপোনাৰ সন্তানে ? জানি থওক এই গুৰুত্বপূৰ্ণ খবৰ...

bikash sarma