বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ...

প্ৰতিশ্ৰুতি দিয়াৰ এদিন পিছতেই কাৰ্যকৰী কৰিলে বিধায়ক মনোৰঞ্জন তালুকদাৰে
বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ...
বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ...
Published on
Updated on

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত বিধান সভা সমষ্টিৰ বংকোৱালত বিগত ২ জুলাইত ব্ৰহ্মপুত্ৰৰ কোবাল বানে এটা কৃষি বান্ধৰ এচোৱা চিঙি নিয়াৰ পাছত ভীষণ যাতায়তী সমস্যাৰ সৃষ্টি হৈছিল অঞ্চলটোত। উক্ত কৃষি বান্ধটোযৱে সংযোগ কৰিছিল বংকোৱাল আৰু নেঘেৰিটিঙৰ এটা বৃহৎ অঞ্চলক।

কিন্তু মথাউৰিটো বানে উটুৱাই নিয়াৰ পাছত দুয়োপাৰৰ জনসাধাৰণৰ ৰোগীকে আদি কৰি সাধাৰণ ৰাইজ বঞ্চিত হৈ আছিল যাতায়তৰ পৰা। অতি সুখৰ কথা যে, দেওবাৰে উক্ত বান বিধ্বস্ত অঞ্চল সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে পৰিদৰ্শন কৰি যাতায়তৰ ব্যৱস্থা নোহোৱাৰ বাবে তাৎক্ষণিক ভাৱে এখন নাৱৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিল।

সোমবাৰে সেই ঘোষণা মৰ্মেই এখন নাও উক্ত ছিগা অংশটো পাৰাপাৰ হ'ব পৰাকৈ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে বংকোৱালত মথাউৰিটো ছিগাৰ পাছতেই পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৰাইজক তাৎক্ষণিক ভাৱে যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিল যদিও দেওবাৰলৈকে অৰ্থাৎ মথাউৰি ছিগাৰ ১২ দিনৰ পাছতো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছিল সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M)ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে।

আজি বিকল্প যাতায়তৰ বাবে নাওখনৰ ব্যৱস্থা হোৱাৰ লগে লগেই বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰক ধন্যবাদ জনাইছে বান ক্ষতিগ্ৰস্ত ৰাইজে আৰু জীপাল কৃষক শ্ৰমিক সংঘই।

বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ...
'কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল'- হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in