বংকোৱালৰ বান সমস্যাক বিধানসভাত উপস্থাপন কৰিব মনোৰঞ্জন তালুকদাৰে...

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ আশ্বাসক তাৎক্ষণিক আদৰণি জীপালৰ
বংকোৱালৰ বান সমস্যাক বিধানসভাত উপস্থাপন কৰিব মনোৰঞ্জন তালুকদাৰে...
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাতঃ চলিত বৰ্ষৰ প্ৰলয়ংকাৰী বানপানীত কৃষি অৰ্থনীতি ভাঙি তচনচ হৈ গ'ল বংকোৱাল আৰু ইয়াৰ দাঁতিকাষৰীয়া দ-অঞ্চলসমূহৰ। পুনৰবাৰ যেন শতিকা পিছোৱাই গ'ল ইয়াৰ গ্ৰাম্য অৰ্থনীতিয়ে। বিগত ২ জুলাইৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে বংকোৱাল-নেঘেৰিটিং সংযোগী কৃষি বান্ধটোৰ এচোৱা ছিঙি নিয়াৰ পাছত এতিয়া বংকোৱাল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত জনসাধাৰণৰ অবৰ্নণীয় পৰিস্থিতি। কাৰোবাৰ যদি বানত উটি গ'ল একমাত্ৰ ঘৰটো,কাৰোবাৰ উটি গ'ল দুদিনমানৰ আগতেহে সামৰি থোৱা ভঁড়ালৰ বড়ো ধান। কৰোবাৰ গৰু-গাহৰি, চুৰমাৰ হৈ গ'ল বহুতো গাম্য উপপথ।

গতিকে নিজে প্ৰতক্ষ নকৰিলে যেন বিশ্বাস নহ'ব হাজাৰ হাজাৰ হতভগীয়াৰ বৰ্তমান অৱস্থা। তেনেসময়তে দেওবাৰে বোকাখাতৰ বংকোৱালত উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। বংকোৱাল - নেঘেৰিটিং সংযোগী ছিন্ন মথাউৰি পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ। বংকোৱালত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈয়েই ছিন্ন মথাউৰিৰৰ পুনৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত হোৱাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সুপ্ৰকাশ তালুকদাৰে।

ইফালে বিগত ২ জুলাই তাৰিখে উক্ত ছিন্ন মথাউৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মথাউৰি চিগা ঠাইত বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ এক বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১২ দিন উকলি যোৱাৰ পাছতো উক্ত অঞ্চলত কোনো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত তীব্ৰ সমালোচনা কৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

বানাকান্ত বংকোৱালবাসীয়ে মন্ত্ৰী অতুল বৰাই আজিলৈকে অঞ্চলটোৰ আন বিপদসংকুল মথাউৰিবোৰ পৰিদৰ্শন নকৰাৰ অভিযোগক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে। ইফালে বানাক্ৰান্তৰ বিকল্প যাতায়তৰ বাবে উক্ত অঞ্চলত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন নাও প্ৰদানৰ ঘোষণা CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ।

উল্লেখযোগ্য যে বংকোৱালৰ ছিন্ন মথাউৰি পৰিদৰ্শন কালত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধান সভাত বংকোৱালৰ বান সমস্যা সাজোৰে উপস্থাপন কৰাৰ আশ্বাস দিয়ে বানাক্ৰান্ত ৰাইজক। তেওঁ কয় - " বিধান সভাত আমি বংকোৱালৰ বান সমস্যাক শক্তিশালী কণ্ঠৰে উপস্থাপন কৰি চৰকাৰক ইয়াৰ স্থায়ী সমাধানৰ বাবে বাধ্য কৰাবলৈ চেষ্টা কৰিম"।

ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এই আশ্বাসৰ প্ৰতি তৎক্ষণিক আদৰণি জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয় - "বিধান সভাৰ এই শক্তিশালী বক্তাগৰাকীৰ বক্তব্যক আমি শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। যিটো কাম কৰিবলৈ উৎসাহি হ'ব লাগিছিল স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা সেই কাম কৰিবলৈ ওলাইছে মনোৰঞ্জন তালুকদাৰে, মন্ত্ৰী অতুল বৰাৰ লজ্জানত হ'ব পৰাকৈ আৰু কিবা থাকিলনে বুলিও প্ৰশ্ন কৰে জীপালৰ উপদেষ্টা গৰাকীয়ে।

উল্লেখযোগ্য যে দেওবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বংকোৱালৰ ছিন্ন মথাউৰি অঞ্চল পৰিদৰ্শন কৰাৰ উৰিও ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত ঠায়ে আলোচনাত মিলিত হয় লগতে কাঞ্চাচাপৰি, গোলোংটেমেৰা আৰু বাতিৱলা অঞ্চল পৰিদৰ্শন কৰি উক্ত ঠাইৰ মথাউৰিৰ এতিয়াও তিনি অংশত হৈ থকা 'লিকেজ' পৰিদৰ্শন কৰি খেদ প্ৰকাশ কৰে। লগতে কাঞ্চা চাপৰিৰ মথাউৰি পৰিদৰ্শন কৰি এই ক্ষেত্ৰত স্থানীয় বিধায়ক অতুল বৰাৰ অমনোযোগিতাক তীব্ৰ সমালোচনা কৰে।

বংকোৱালৰ বান সমস্যাক বিধানসভাত উপস্থাপন কৰিব মনোৰঞ্জন তালুকদাৰে...
বিহপুৰীয়াত গ্ৰীষ্মকালীন ক্রিকেট প্ৰশিক্ষণ শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in