বোকাখাতত শ্ৰমিক আইন উলংঘাৰ বাবেই প্ৰাণ গ'ল শ্ৰমিকৰ...

দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায় প্ৰাপ্তিৰ যুঁজত অংশ ল'ব জীপাল কৃষক শ্ৰমিক সংঘই
বোকাখাতত শ্ৰমিক আইন উলংঘাৰ বাবেই প্ৰাণ গ'ল শ্ৰমিকৰ...
বোকাখাতত শ্ৰমিক আইন উলংঘাৰ বাবেই প্ৰাণ গ'ল শ্ৰমিকৰ...
Published on
Updated on

ডিজিটেল সংবাদ বোকাখাতঃ এজন ব্যক্তিৰ কাণ্ডজ্ঞানহীনতা, চূড়ান্ত হেমাহি আৰু শ্ৰমিক আৰু কাৰখানা আইনক ভেঙুচালি কৰাৰ বাবেই বোকাখাতত কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হ'ল এজন হতভগীয়া শ্ৰমিকে। নিঠৰুৱা হ'ল শ্ৰমিক পুত্ৰ আৰু স্বামীৰ শ্ৰমৰ উপাৰ্জনেৰে সন্মানজনকভাৱে জীয়াই থকা এটা পৰিয়াল।

ঘটনাটো যোৱা ১৫ জুলাইৰ বিয়লিৰ। স্থান বোকাখাতৰ লখৌজান।বোকাখাত লখৌজানৰ Explotech India নামৰ‌ গাড়ীৰ টেংকী বনোৱা প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতেই টেংকীৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাব লগা হৈছিল লখৌজান ঘগৰা পথাৰ গন্ধীয়া চুকৰ ললিত গন্ধীয়া নামৰ নামৰ শ্ৰমিকজনে।

গাড়ীৰ টেংকী বনোৱা উক্ত প্ৰতিষ্ঠানটোত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নথকাৰ বাবেই সংঘটিত হৈছিল ঘটনাটো। কেৱল নিজৰ মুনাফাৰ বাবেই দীৰ্ঘদিনৰ পৰা কাৰখানা আইনৰ উলংঘন, শ্ৰমিকৰ নিৰাপত্তা, জীৱন বীমা আদিৰ ব্যৱস্থা নকৰাকৈয়ে চলি আছে এন কে হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকীস্বত্বত থকা এই Explotech India নামৰ প্ৰতিষ্ঠানটো।

আমাৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে সমগ্ৰ ঘটনাটোক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি গাপ দিবলৈ চেষ্টা কৰা হৈছে আইন সমন্ধীয় সকলো বিষয়। আনকি কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু যাবতীয় নথিপত্ৰাদি নোহোৱাকৈ প্ৰতিষ্ঠানটোত তৈয়াৰ কৰি থকা হৈছে গেছ সৰবৰাহকাৰী টেংকীও।

জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণহীন মুখ্য কাৰিকৰ কালি মোহন বসুমতাৰীও বৰ্তমান পলাতক। আনকি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এন কে হাজৰিকায়েও জিলাখনৰ বাহিৰত থকাৰ অজুহাতত অৱস্থান কৰিছে নিৰাপদ দূৰত্বত।

ইফালে সমগ্ৰ ঘটনাটোক ধনিক শ্ৰেণীয়ে কৰা শ্ৰম শোষণৰ পৰিণতি বুলি অভিহিত কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। লগতে Explotech India নামৰ প্ৰতিষ্ঠানটোকে আদি কৰি যিসমূহ প্ৰতিষ্ঠান বা কাৰখানাই শ্ৰমিক আইন উলংঘা কৰি শ্ৰমিকৰ নিৰাপত্তাকে আদি কৰি কোনোধৰণৰ বীমা নকৰাকৈ মুনাফা লুটি আছে সেইসমূহ প্ৰতিষ্ঠানকো সকিয়াই দি পৰিয়ালটোৱে ন্যায় প্ৰাপ্তিৰ বাবে কৰিবলগীয়া যুঁজখনত সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে সংগঠণটোয়ে।

আনহাতে সমগ্ৰ ঘটনাটোৰ 'অসমীয়া প্ৰতিদিন, ডিজিটেলে'কৰা নিজাববীয়া অনুসন্ধানৰ সময়ত মৃত ললিত গন্ধীয়াৰ বাসগৃহত উপস্থিত হৈ সমাজকৰ্মী নৱজ্যোতি ৰাজখোৱাই ঘটনাটোক অত্যন্ত মৰ্মান্তিক আখ্যা দি প্ৰতিষ্ঠানটোয়ে দীৰ্ঘদিনৰ পৰা শ্ৰমিকৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি কৰা চৰম অৱহেলাক ধিক্কাৰ দি অতি সোনকালে পৰিয়ালটোৰ ন্যায় আৰু প্ৰাপ্য ক্ষতিপূৰণৰ দাবী কৰাৰ লগতে ধনবল আৰু ৰাজনৈতিক প্ৰভাৱৰ মেৰপেচত যাতে পৰিয়ালটো বঞ্চিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সচেতন মহলক আহ্বান জনাই।

বোকাখাতত শ্ৰমিক আইন উলংঘাৰ বাবেই প্ৰাণ গ'ল শ্ৰমিকৰ...
ভূৱন পাহাৰত সংঘৰ্ষঃ ৩ সন্ত্ৰাসবাদী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in