মাত্ৰ ডেৰশ মিটাৰ দূৰত্বৰ এটি পথৰ বাবে হাহাকাৰ ৰাইজৰ...

মাত্ৰ ডেৰশ মিটাৰ দূৰত্বৰ এটি পথৰ বাবে হাহাকাৰ ৰাইজৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাতৰ : মাত্ৰ ডেৰশ মিটাৰ এটা গ্ৰাম্য উপ-পথৰ উন্নীতকৰণৰ বাবে শতিকাজুৰি হাহাকাৰ কৰিছে এখন গাঁৱৰ বাসিন্দাই। জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীৰ পুৰণা সত্ৰ (স্থানীয় ভাবে ৰাধাচুক বুলি পৰিচিত) নামৰ গাঁৱখনৰ গাঁওবাসীৰ এই হাহাকাৰ অৱস্থা।

বিগত সময়চোৱাত অতিকৈ কৰ্মঠ বিধায়ক বুলি খ্যাতি লাভ কৰি দুটাকৈ কাৰ্যকাল বোকাখাত বিধান সভা সমষ্টিক দখলত ৰাখিবলৈ সক্ষম হোৱা জিতেন গগৈৰ দুটাকৈ কাৰ্যকালতো মাত্ৰ ডেৰশ মিটাৰ পথটোৰ মেৰামতি কৰা নহ'ল। কেৱল প্ৰতিশ্ৰুতিতে বন্দীহৈ থাকিল গাঁওবাসীৰ উন্নত যাতায়তৰ সপোন।

পৰৱৰ্তী সময়ত বোকাখাতৰ গাদী দখল কৰিলে এসময়ৰ কুৰুৱাবাহীৰে বাসিন্দা অৰুণ ফুকনে। কিন্তু প্ৰাক্তন বিধায়ক অৰুণ ফুকনৰ কাৰ্যকালতো উন্নিতকৰণৰ পৰা বঞ্চিত হৈ থাকিল উক্ত ডেৰশ মিটাৰ পথ। পথচোৱাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক অৰুণ ফুকনেও বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ তেখেতৰেই দলীয় সহযোগীৰ।

ইয়াৰ পিছতে ২০১৬ চনত বোকাখাতলৈ নিৰ্বাচিত হৈ আহিল বৰ্তমানৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা। কেৱল নামতহে আঞ্চলিকতাবাদী অতুল বৰাই দুটাকৈ কাৰ্যকালত বোকাখাত বিধান সভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰকৃততে কি কৰি আছে সেয়া স্পষ্ট হয় সমষ্টিটোৰ গ্ৰামাঞ্চলত সঘনাই হৈ থকা জনসাধাৰণৰ প্ৰতিৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচীবোৰতেই। কেৱল বাহুবল আৰু ধনবলৰ জোৰতেই দুবাৰকৈ বোকাখাত বিধান সভা সমষ্টিৰ গাদী দখল কৰা বুলি দীৰ্ঘদিনৰ পৰা অভিযুগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। আধাৰশিলাৰ ৰাজনীতিত অভ্যস্ত বুলি খোদ নিজৰ শিবিৰতেই চৰ্চিত মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালতো লজ্জাজনক ভাবে গেলা নৰ্দমা সদৃশ হৈ পৰি থাকিল সেই একেই ডেৰশ মিটাৰ পথ।

অৱশ্যে ২০১৭ চনত পথচোৱাত এটি আধাৰশিলা স্থাপন কৰি ৭,৫২,০২০ টকাৰ এখন আঁচনি মুকলি কৰা হৈছিল। পিছে কাৰ্যক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ ঠিকাদাৰজনে মাত্ৰ দুগাড়ী শিলগুটি পেলাইয়েই সামৰিছিল পথচোৱাৰ উন্নীতকৰণৰ কাম। তাৰেই সাক্ষী হৈ এতিয়াও হাবি জংঘলৰ মাজত পৰি আছে "উন্নয়নৰ আধাৰশিলা"।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তাৰ পৰৱৰ্তী সময়ত এই বিষয়ে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক অভিযোগ দাখিল কৰিছিল। কিন্তু আজি পৰ্যন্ত গাঁওখনত উপস্থিত নহ'ল বিভাগীয়লোক। তদন্ত হৈ থাকিল সুদূৰ পৰাহত। ফলত বৰ্তমানো এক গেলা নৰ্দমা সদৃশ পথৰ ওপৰেদিয়েই দৈনিক যাতায়ত কৰি আছে গাঁওখনৰ ৰোগী, বৃদ্ধকে আদি কৰি ছাত্ৰ-ছাত্ৰীসকল। বিশেষকৈ বাৰিষাৰ দিনত চিকিৎসালয়লৈ ৰোগীলৈ যোৱাৰ ক্ষেত্ৰত যি হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হয় সেয়া নেদেখিলে অনুমান কৰাও সম্ভৱ নহয়।

ইফালে উক্ত পুৰণা সত্ৰ গাঁওখনৰ পৰা মাত্ৰ কেই মিটাৰমান আঁতৰতেই অৱস্থিত কুৰুৱাবাহী গাঁও পঞ্চায়ত। গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ যোগেদিও পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অহা হৈছে যদিও বৰ্তমান বিজেপিৰ দখলত থকা গাঁও পঞ্চায়তখনেও এক প্ৰকাৰ মাহী আইৰ দৃষ্টিৰেই চাই আহিছে গাঁওখনক।

উল্লেখ্য গাঁওখনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি ৰাহুল দাস কেইগৰাকীমান বিষয়ববীয়াসহ উপস্থিত হৈ পথচোৱাৰ মেৰামতি বা নতুনকৈ নিৰ্মাণৰ দাবী জনাইছে সংশ্লিষ্ট বিভাগৰ ওচৰত। অনাগত সময়ত গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এই দাবীয়ে গাঁওবাসীৰ এই শতিকা পুৰণি যন্ত্ৰণা কিমান দূৰ লাঘব কৰিব পাৰে সেয়া স্বাভাৱিকতেই লক্ষণীয় হ'ব।

মাত্ৰ ডেৰশ মিটাৰ দূৰত্বৰ এটি পথৰ বাবে হাহাকাৰ ৰাইজৰ...
শিলচৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত অঘটন; বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in