সাংবাদিক বিতোপন মাঝিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

স্বাধীনতা দিৱসত জনাব সম্বৰ্ধনা
সাংবাদিক বিতোপন মাঝিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা
সাংবাদিক বিতোপন মাঝিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ সাংবাদিকতাৰ যোগেদি কাজিৰঙা-বোকাখাতৰ বিভিন্ন বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰি এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা সাংবাদিক বিতোপন মাঝিক সম্বৰ্ধনা জ্ঞাপন কৰিব বোকাখাত মহকুমা প্ৰশাসনে৷ আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কাজিৰঙা নিৱাসী সাংবাদিক মাঝিলৈ আগবঢ়োৱা হ’ব এই সম্বৰ্ধনা৷

কথা-আৰণ্যক নামৰ আলোচনীখনিৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বৰে লেখা-মেলা জগতত প্ৰৱেশ কৰা বিতোপন মাঝিয়ে ২০০৮ বৰ্ষৰ পৰা দৈনিক অসম কাকতৰ সংবাদদাতা হিচাপে কাজিৰঙাৰ পৰা সেৱা আগবঢ়াই আহিছে৷ আনকি, অসমৰ কেইবাটাও ব্যক্তিগত চেটেলাইট চেনেলৰ হৈ বিগত সময়সমূহত সেৱা আগবঢ়োৱা বিতোপন মাঝি সংবাদ পত্ৰ জননী বাৰ্তা আৰু ৰাইজৰ খবৰ ডিজিটেল ৱেবপেজৰ বাবেও সংবাদ সেৱা আগবঢ়াই আহিছে৷

উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা কাজিৰঙা উপ-শাখাৰ বিগত সময়ত দায়িত্বত থকা বিতোপন মাঝি অসম চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত শাখাৰ সম্পাদক হিচাপে দায়িত্ব কান্ধ পাতি লৈছে৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা বিতোপন মাঝি চিত্ৰশিল্পী হিচাপেও সমাজত প্ৰতিষ্ঠিত৷

ইপিনে, বোকাখাতৰ পৰা প্ৰকাশিত ‘শিৰীষ—আমাৰ কথা’ শীৰ্ষক আলোচনীখনৰ সম্পাদকৰ দায়িত্বত থকা বিতোপন মাঝিলৈ প্ৰশাসনে এই স্বীকৃতি দিয়াত বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, বোকাখাতৰ প্ৰেছ ক্লাৱ, কাজিৰঙা অধ্যয়ন চক্ৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, জীপাল কৃষক-শ্ৰমিক সংঘ, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কহঁৰা বজাৰ সমিতিকে ধৰি কাজিৰঙা তথা অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷

সাংবাদিক বিতোপন মাঝিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা
সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in