'গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩'ৰ ব্যাপক প্ৰস্তুতি

'গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩'ৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
'গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩'ৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, গোলাঘাট: অহা ২৯ নৱেম্বৰৰ পৰা ৮ দিনীয়াকৈ গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩ৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে । অহা ২৯ নৱেম্বৰৰ শুভ উদ্বোধনী অনুষ্ঠানত ৫ সহস্ৰাধীক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে গাব সেউজ কোঁৱৰ পৰাগধৰ চলিহা ৰচিত "পোহৰ বিচাৰি যাওঁ" গীত।

এই উপলক্ষে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ মাজত পূৰ্ণ গতিত চলিছে গীতৰ অনুশীলন পৰ্ব । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা স্বাগতা বৰা, সহকাৰী সম্পাদক তনুজ কুমাৰ মহন্ত, হেমা চৌধুৰী গগৈ, গ্ৰন্থমলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপা শইকীয়া, বিষয়ববীয়া জুৰি দাস ৰাজখোৱা, জুমি দুৱাৰা, নয়নমণি শৰ্মা, চুহেনা আলি আহমেদ আদিৰ নেতৃত্বত বিদ্যালয় -মহাবিদ্যালয় সমূহত অব্যাহত আছে 'গোলাঘাট গ্ৰন্থমেলালৈ যাওঁ' শীৰ্ষক ব্যাপক অভিযান।

বিশেষকৈ নৱ-প্ৰজন্মক গ্ৰন্থমেলাৰ দৰে কাৰ্যসূচীৰ অংশীদাৰ কৰি আকৰ্ষিত কৰাৰ উদ্দেশ্যে উদ্যোক্তা সকলে পৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিছে । গোলাঘাট গ্ৰন্থমেলাক লৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইবাৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। ২৯ নৱেম্বৰৰ বৰ্ণাঢ্য আৰু ব্যতিক্ৰমী শুভ উদ্বোধনী কাৰ্যসূচীত অংশ লবলৈ সাজু হৈছে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী ।

গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ শুভ উদ্বোধন কৰিবলৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখ্য যে, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন দল-সংগঠন,ৰাইজৰ সহযোগত অহা ২৯ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত আয়োজিত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ এইবাৰ ব্যতিক্ৰমীভাৱে আয়োজন কৰা হৈছে।

গ্ৰন্থমেলা বাকৰিত নাথাকিব মেখেলা-চাদৰকে ধৰি কোনো কাপোৰৰ বিপনী । নাথাকিব কোনোধৰণৰ মনিহৰী দোকানো । গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত হ'ব 'নাৰীৰ দিন', 'শিশুৰ দিন', 'চ্যুকাফা দিৱস আদি ব্যতিক্ৰমী কাৰ্যসূচী । সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতি আৰু উদ্যোক্তা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই।

Also Read: ৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী

book fair