পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চিমেন্টৰ গাড়ীত বাৰ্মিজ চুপাৰি সৰবৰাহ

দুখন ট্ৰাক জব্দ, চালক, পৰিচালকক আটক

author-image
Asomiya Pratidin
New Update
পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চিমেন্টৰ গাড়ীত বাৰ্মিজ চুপাৰি সৰবৰাহ

পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চিমেন্টৰ গাড়ীত বাৰ্মিজ চুপাৰি সৰবৰাহ

ডিজিটেল সংবাদ মেৰাপানীঃ এইবাৰ পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চন্দন কাঠৰ বিপৰীতে চিমেন্টৰ গাড়ীত সৰবৰাহ হৈছে বাৰ্মিজ চুপাৰি। ম্যানমাৰৰ পৰা আন্তঃৰাজ্যিক সীমা অতিক্ৰম কৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ বাৰ্মিজ চুপাৰিৰ।

শনিবাৰে পুৱাতে মেৰাপানীত চি আৰ পি এফে জব্দ কৰিবলৈ সক্ষম হয় অভিনৱ কৌশলেৰে চুপাৰী সৰবৰাহৰ চেষ্টা চলোৱা দুখনকৈ ট্ৰাক। ট্ৰাকৰ ভিতৰত গোপন চেম্বাৰ তৈয়াৰ কৰি দুয়োখন ট্ৰাকতে প্ৰায় ৫০ বস্তা বাৰ্মিজ চুপাৰী নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ নিয়াৰ চেষ্টা চলাইছিল চতুৰ ব্যৱসায়ী চক্ৰই।

চি আৰ পি এফে নিয়মীয়া তালাচিত সন্দেহবশতঃ ট্ৰাক দুখনৰ গোপন চেম্বাৰ খুলি দিয়াত ওলাই পৰে বুজন পৰিমাণৰ চুপাৰী। চি আৰ পি এফৰ অভিযানত NL 01 AE 0080 আৰু AS 26 AC 2357 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰাৰ লগতে দুয়োখন ট্ৰাকৰ চাৰিজন চালক হেণ্ডিমেনক আটক কৰিছে।

ট্ৰাক দুখনৰ কৰ্মচাৰীৰ স্বীকাৰোক্তি অনুসৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ চুপাৰীখিনি সৰবৰাহৰ কৰাৰ চেষ্টা চলাইছিল। চি আৰ পি এফে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীক অধিক তদন্তৰ বাবে চুপাৰীসহ ট্ৰাক দুখন গতাই দিছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অবৈধ চুপাৰী সৰবৰাহ ৰোধৰ ক্ষেত্রত মেৰাপানী আৰক্ষী আৰু চি আৰ পি এফ যথেষ্ঠ কঠোৰ হোৱাত চুপাৰী সৰবৰাহকাৰীয়ে চুপাৰী সৰবৰাহৰ বিকল্প কৌশল বাচি লোৱা পৰিলক্ষিত হৈছে।

Also Read: কালীপূজাৰ অমাবস্যাৰ ৰাতি দুই ভাতৃ-ভগ্নীক দিলে নৰ বলি !

মেৰাপানী বাৰ্মিজ চুপাৰি