কাজিৰঙাৰ পৰ্যালোচনা সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত কেইবাজনো মন্ত্ৰী, বিধায়কসহ জিলা আয়ুক্ত তথা আৰক্ষী অধীক্ষকৰ লগতে বন বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী ড০ শৰ্মা
কাজিৰঙাৰ পৰ্যালোচনা সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত শনিবাৰে বিয়লি কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বিয়লি প্ৰায় ৩-৩০ বজাত কাজিৰঙাৰ আয়ৰা হোটেলত কেইবাজনো মন্ত্ৰী, বিধায়কসহ উদ্যানৰ কাষৰীয়া ৫খন জিলাৰ জিলা আয়ুক্ত তথা আৰক্ষী অধীক্ষকৰ লগতে বন বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী ৷

সভাৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা , চন্দ্ৰমোহন পাটোৱাৰীসহ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে আলোচনাত ৷

আনহাতে বানপানীৰ সময়ছোৱাত চোৰাং চিকাৰীয়ে বন্যপ্ৰাণীক লক্ষ্য কৰি লোৱাৰ বিষয়টিও আলোচনাত ঠাই পোৱাৰ সম্ভাৱনা। সমান্তৰালকৈ কাৰ্বি পাহাৰত আশ্ৰয় লোৱা বন্যজীৱকূলে যাতে সুৰক্ষা লাভ কৰে তাৰ বাবেও আলোচনা হোৱাৰ সম্ভাৱনা থকাৰ কথা এক সূত্ৰে জানিব পৰা গৈছে ৷

কাজিৰঙাৰ পৰ্যালোচনা সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী
ইটালীত জি-৭ৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in