কাজিৰঙাৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী

কাজিৰঙাৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী

Published on

ডিজিটেল সংবাদ,কুঠৰী : ২০২৩-২৪ পৰ্যটন বৰ্ষত আহিবলগীয়া দেশী-বিদেশী পৰ্যটকক এখন পৰিস্কাৰ কাজিৰঙা উপহাৰ দিবলৈ কচৰৎ কাজিৰঙাৰ এজাক সচেতন লোকৰ ৷ দোপালপিটা বৰষুণকো নেওচা দি দেওবাৰে প্ৰায় ২ শতাধিক ব্যক্তিয়ে কাজিৰঙাৰ প্ৰৱেশদ্বাৰ কুঠৰী চাফাই কৰে ৷

কুঠৰী পৰিবেশ আৰু উন্নয়ন চ’চাইটীৰ লগতে কুঠৰীবাসীৰ যৌথ উদ্যোগত আৰু কাজিৰঙা অধ্যয়ন চক্ৰ তথা ভাৰত পৰ্যটনৰ সহযোগত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ তিনিটা পৃথক স্থানত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰায় ২ শতাধিক লোক উপস্থিত থকা সমগ্ৰ কাৰ্যসূচীৰ প্ৰথমটো কাজিৰঙাৰ কাঞ্চনজুৰিত সম্পন্ন হয় ৷

হাতে হাতে ঝাড়ু-বাঢ়নি লৈ কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্যসকলে কাঞ্চনজুৰিৰ এনিমেল ভিউ পইণ্ট এলেকাত পৰি থকা পলিথিন,পানী বটল,গুটখাৰ খালী পেকেট, চিপচৰ পেলনীয়া পেকেট আদি পৰিস্কাৰ কৰে ৷ তদুপৰি, ভিউ পইণ্টৰ কাষতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ এলেকাটো যাতে কোনো কাৰণতেই কদৰ্যময় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷

ইয়াৰ পাছতে কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্যই কুঠৰী এলেকাত 'কুঠৰী আমাৰ, কাজিৰঙা আমাৰ ৷ এই ঠাই পৰিস্কাৰ কৰি ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য ৷' শীৰ্ষক শ্ল’গানেৰে সমগ্ৰ এলেকাটো চাফাই কৰে ৷ কুঠৰী বজাৰ এলেকা, তিনিআলি, কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখভাগ চাফাই কৰাৰ লগতে শিল্পপ্ৰাণ চন্দ্ৰ ফুকন পৰ্যটন ক্ষেত্ৰৰ সন্মুখভাগ পৰিস্কাৰ কৰে ৷

এই কাৰ্যসূচীত কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলি, প্ৰাক্তন সভাপতি জামিনা খাতুন, কৃষক মুক্তিৰ বিষয়-ববীয়া প্ৰদীপ মহন্ত, সমাজকৰ্মী প্ৰবীণ বৰা, প্ৰবীণ নাথ, চৰকাৰী গাঁওবুঢ়া হেমন্ত বৰা, স্থানীয় ৰচিদ আলি, ধীৰেণ বৰুৱা, আশাকৰ্মী আবিদা বেগম, অংগণবাড়ী কৰ্মী মণিকা বৰুৱা, ৰেণু গগৈ আদিকে ধৰি বহুকেইগৰাকী লোক উপস্থিত থাকে ৷ কুঠৰী অঞ্চলৰ প্ৰতিখন দোকানে অত্যন্ত আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা চাফাই কাৰ্যসূচীত কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, নেইনা দাস, অম্লান হাজৰিকা, যুগল নাথ, মুকুটজ্যোতি শইকীয়া, ৰাজা সূত্ৰধৰ, ইকলাম, পংকজ মহন্ত আদিকে ধৰি শতাধিক সদস্য-সদস্যা উপস্থিত থাকে ৷

চাফাই কাৰ্যসূচীত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে, হাতত ঝাড়ু লৈ ফটো তুলি সামাজিক মাধ্যম অথবা নিউজ চেনেলত দি বিশিষ্ট চাফাই কৰ্মী হিচাপে গঢ় লৈ উঠা প্ৰৱণতাৰ বিপৰীতে আমি সঁচা অৰ্থত চাফাই কৰ্মত প্ৰত্যেকেই ব্ৰতী হোৱাটো প্ৰয়োজন ৷ কাজিৰঙাৰ প্ৰৱেশদ্বাৰ হিচাপে চিহ্নিত কুঠৰী এলেকা চাফচিকুণ কৰি ৰাখিবলৈ সকলো স্থানীয়ক কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ সাহাই আহ্বান জনায়।

লগতে কলিয়াবৰ মহকুমা প্ৰশাসনকো এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ কৃষক মুক্তিৰ প্ৰদীপ মহন্তই কয় যে, আগন্তুক পৰ্যটন বৰ্ষত পৰ্যটকক এখন জাবৰমুক্ত কুঠৰী তথা কাজিৰঙাৰ স’তে চিনাকি কৰাই দিবলৈ সকলোপক্ষই সহযোগিতা আগবঢ়োৱা উচিত ৷

ইপিনে, কুঠৰীৰ বাসিন্দাসকলে অচিৰেই জাবৰ নিষ্কাষণ তথা আন আন বিভিন্ন সমস্যা সন্দৰ্ভত কলিয়াবৰৰ মহকুমাধিপতিৰ স’তে বৈঠকত মিলিত হোৱাৰ পোষকতা কৰে ৷ আনহাতে, কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰে ফোনযোগে কাজিৰঙা অধ্যয়ন চক্ৰৰ কৰ্মৰাজীৰ প্ৰশংসা কৰাৰ লগতে কুঠৰীৰ জনগণৰ স’তে আলোচনাত বহিবৰ ইচ্ছা প্ৰকাশ কৰে ৷

আনহাতে যুৱ পৰ্যটন ক্লাৱ, ডিফলু ৰিভাৰ ল’জ আদিয়ে বাগৰি, বুঢ়াপাহাৰ আদি বিভিন্ন এলেকা পৰিস্কাৰ কৰে ৷ আজি চাফাই কাৰ্যসূচীৰ পাছত সকলোৱে 'আহক, আমি কুঠৰীক চাফচিকুণ কৰি ৰাখি কাজিৰঙাক বিশ্বৰ মানচিত্ৰত চাফচিকুণৰ ক্ষেত্ৰতো জিলিকাই তোলোঁ' শীৰ্ষক সংকল্প লয় ৷

কাজিৰঙাৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী
পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in