গোলাঘাটত মুখ্যমন্ত্ৰীঃ ত্ৰিপল মাৰ্ডাৰ কেছৰ সৈতে আছে ড্ৰাগছৰ সম্পৰ্ক ! হত্যাকাৰীয়ে পাব কঠোৰ শাস্তি...

গোলাঘাটত মুখ্যমন্ত্ৰীঃ ত্ৰিপল মাৰ্ডাৰ কেছৰ সৈতে আছে ড্ৰাগছৰ সম্পৰ্ক ! হত্যাকাৰীয়ে পাব কঠোৰ শাস্তি...
গোলাঘাটত মুখ্যমন্ত্ৰীঃ ত্ৰিপল মাৰ্ডাৰ কেছৰ সৈতে আছে ড্ৰাগছৰ সম্পৰ্ক ! হত্যাকাৰীয়ে পাব কঠোৰ শাস্তি...
Published on
Updated on

ডিজিটেল ডেস্কঃ গোলাঘাটত সংঘটিত হোৱা ত্ৰিপল মাৰ্ডাৰ কেছৰ সৈতে আছে ড্ৰাগছৰ সম্পৰ্ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত বুধবাৰে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ্য যে, ত্ৰিপল মাৰ্ডাৰ কেছৰ বুজ ল'বলৈ বুধবাৰে গোলাঘাটত গৈ উপস্থিত হয় গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৰিয়ালটোৰ একমাত্ৰ জীৱিত সদস্য অংকিতা ঘোষৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ উপৰিও তেওঁ আত্মীয় স্বজনৰ সৈতেও ঘটনা সন্দৰ্ভক আলোচনা কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, পৰিয়ালটোৰ তিনিগৰাকী সদস্যক অত্যন্ত নিৰ্মম ভাৱে হত্যা কৰা হ'ল। পৰিয়ালটোৰ জীয়াই থকা সদস্যা অংকিতাক সাক্ষাৎ কৰি আমাৰ সমবেদনা জনালো। গোটেই ঘটনাটোৰ বিষয়ে বুজ লোৱাৰ চেষ্টা কৰিলো।

তেওঁ কয়, ঘটনাটোৰ উচিত তদন্তৰে চাৰ্জশ্বিট কৰি বিশেষ ক'ৰ্টৰ আৱেদন কৰি, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপেইণ্টমেণ্টেৰে সোনকালে যাতে দোষীক কঠোৰতম শাস্তি আইনৰ জৰিয়তে দিব পাৰো তাৰ বাবে আৰক্ষী অধীক্ষকআৰু ৰেঞ্জ ডি আই জিৰ লগত আলোচনা কৰিছে। তেওঁ কয়,মই নিশ্চিত যে, যিয়ে এই নিৰ্মম ঘটনা সংঘটিত কৰিছে সেই দোষীক আমি উপযুক্ত শাস্তি দিব পাৰিম।

এই হত্যাকাণ্ড সন্দৰ্ভত তেওঁ কয়, পৰিয়ালৰ ৩ গৰাকী সদস্যক হত্যা কৰা হ'ল। সেই পৰিয়ালটো হিন্দু সম্প্ৰদায়ৰ পৰিয়াল আছিল। আৰু যিগৰাকী ল'ৰাই এই গোটেই ঘটনাটো কৰিলে বা কৰাৰ অভিযোগ আহিছে তেওঁ ইছলাম ধৰ্মত বিশ্বাসী মুছলমান সম্প্ৰদায়ৰ ল'ৰা আছিল।

প্ৰথম চিনাকী হওঁতে ফেচবুকত ৰিমন বৰা এটা হিন্দু নামেৰে চিনাকী হৈছিল। আৰু প্ৰথমবাৰ কলিকতালৈ পলোৱাই নিয়াৰ সময়ত ছোৱালীজনীক ড্ৰাগছ খাবলৈ শিকোৱা হৈছিল।

আৰু ল'ৰাজনে নিজেও ড্ৰাগছ খাইছিল আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে সৰু সুৰাকৈ জড়িত আছিল বুলিও কিছু খবৰ আমি পাইছো। ছোৱালীজনীক ইনজেক্টেবল ড্ৰাগছো দিয়া হৈছিল আৰু সেই ধৰণেই ছোৱালীজনীক বস কৰিয়েই হওক বা অন্য ধৰণেই হওক এটা সময়ত গৰ্ভৱতী হৈছিল আৰু এটা সন্তানৰ মাতৃ হৈছিল।

যেতিয়া ছোৱালীজনীয়ে ল'ৰাজনৰ ঘৰত থাকিবলৈ গৈছিল ছোৱালীজনীক নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছিল। আৰু এটা সময়ত ছোৱালীজনীয়ে পুনৰ পিতৃ, মাতৃৰ ঘৰলৈ সন্তানসহ ঘূৰি আহিছিল।

ল'ৰাজনে ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে পুলিচে ল'ৰাজনৰ ওপৰত এক্সন লৈছিল, জে'লত দিছিলে। আৰু জে'লৰ পৰা ওলাই অহাৰ পাছতেই এই গোটেই ঘটনা সংঘটিত হ'ল। অত্যন্ত দুখদায়ক ঘটনা, মৰ্মস্পৰ্শী ঘটনা। মই সকলোকে আশ্বাস দিছো যে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম। আৰু সেই ক্ষেত্ৰত দোষীক ৰেহাই পাব আমি নিদিওঁ।

উল্লেখ্য যে, গোলাঘাট চহৰৰ সঞ্জীৱ ঘোষ তেওঁৰ পত্নী জুনু ঘোষ আৰু জীয়ৰী সংঘমিত্ৰা ঘোষক অতি নৃশংস ভাৱে হত্যা কৰিছিল নাজিবুৰ নামৰ এজন ব্যক্তিয়ে। নাজিবুৰ আছিল সঞ্জীৱ ঘোষৰ জোৱায়েক।

এই জঘণ্য হত্যাকাণ্ড সংঘটিত কৰি নাজিবুৰে ৯ মহীয়া সন্তানটোক লৈ প্ৰথমে আত্মগোপন কৰিছিল যদিও পৰৱৰ্তী সময়ত গোলাঘাট সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে এই হত্যাকাণ্ডৰে নাজিবুৰ জড়িত থকা বুলি নিশ্চিত হৈছিল।

ইফালে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। পৰিয়ালটোৰ একমাত্ৰ জীৱিত সদস্য অংকিতা ঘোষে সংবাদ মাধ্যমৰ আগত কৈছিল, নাজিবুৰে ড্ৰাগছৰ ব্যৱসায়ত জড়িত বুলি আৰক্ষীক বহুবাৰ অভিযোগ দিছিল যদিও তেওঁলোকে ন্যায়া নাপালে। বিগত সোমবাৰে সংঘটিত হোৱা হত্যাকাণ্ডত নাজিবুৰৰ পৰিয়ালৰো আন সদস্য জড়িত থকাৰ সন্দেহো প্ৰকাশ কৰিছিল অংকিতাই।

আজি মুখ্যমন্ত্ৰীৰ সৈতে অংকিতা ঘোষক সাক্ষাৎ কৰে মন্ত্ৰী অজন্তা নেওগ, ৰঞ্জীত কুমাৰ দাস, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আদিয়ে।

গোলাঘাটত মুখ্যমন্ত্ৰীঃ ত্ৰিপল মাৰ্ডাৰ কেছৰ সৈতে আছে ড্ৰাগছৰ সম্পৰ্ক ! হত্যাকাৰীয়ে পাব কঠোৰ শাস্তি...
ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in