স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত গোলাঘাটত বিদ্যুৎ উপ- সংমণ্ডল কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত গোলাঘাটত বিদ্যুৎ উপ- সংমণ্ডল কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাট: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত সমগ্ৰ অসমত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । ইয়াৰ অংশস্বৰূপে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি গোলাপ শইকীয়াৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে স্মাৰ্ট মিটাৰৰ সংস্থাপন বাতিল কৰা, বিদ্যুৎ যোগান নিয়মীয়া কৰা, বিদ্যুৎ বিভাগৰ অনিয়ম ৰোধ কৰা ইত্যাদি বিভিন্ন দাবীৰ ভিত্তিত গোলাঘাট টাউন ব্লক কংগ্ৰেছ, পদুমণি ব্লক কংগ্ৰেছ, গমাৰিগুৰি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ত সমবেত হৈ গোলাঘাট নগৰৰ মাজেৰে সমদল বাহিৰ কৰি গৈ গোলাঘাট বিদ্যুৎ উপ- সংমণ্ডল কাৰ্যালয়ত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কী, গোলাঘাট জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি ত্ৰিশঙ্কু কাকতি, গোলাঘাট জিলা কংগ্ৰেছ কমিটি উপ-সভাপতি কমলেশ্বৰ ফুকন, আব্দুল আলি, কোষাধ্যক্ষ মহিবুল হুছেইন, সাধাৰণ সম্পাদক ক্ৰমে দীপাংকৰ বৰা, বীৰেন কুৰ্মী, বুটু ৰহমান, ববীতা সিং ৰাজপুত, সম্পাদক নিৰঞ্জন বৰা, মৃদু জ্যোতি বৰাই অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে গোলাঘাট টাউন ব্লক কংগ্ৰেছৰ সভাপতি ভূপেন ৰাজখোৱা, পদুমণি ব্লক কংগ্ৰেছৰ সভাপতি মদন বৰা, গমাৰিগুৰি ব্লক কংগ্ৰেছৰ সভাপতি মাধৱ শইকীয়া, সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰুস্তম বৰা, গোলাঘাট জিলা কংগ্ৰেছ সাহাৰ্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ জিন্না হক, গোলাঘাট জিলা কিষাণ কংগ্ৰেছৰ সভাপতি প্ৰদীপ চেতিয়া, মহিলা কংগ্ৰেছৰ দীপা বেগম, বুলী গগৈ, যুৱ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা নেত্ৰীকে প্ৰমুখ্য কৰি দুই শতাধিক কংগ্ৰেছ কৰ্মী আৰু শুভাকাংক্ষী ৰাইজ। প্ৰতিবাদীকাৰীসকলে গোলাঘাট বিদ্যুৎ উপ- সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in