কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰী বন্ধৰ সিদ্ধান্ত বাতিল

কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰী বন্ধৰ সিদ্ধান্ত বাতিল

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰী বন্ধৰ সিদ্ধান্ত বাতিল

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰী বন্ধৰ সিদ্ধান্ত বাতিল কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ব্যক্তিগত হাতী ছাফাৰী সন্থাৰ লগত কৰা আলোচনাৰ পাছত অনিৰ্দিষ্ট কালিলৈ কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰি বন্ধৰ সিদ্ধান্ত বাতিল কৰিলে ব্যক্তিগত হাতী ছাফাৰী সন্থাই ৷

সন্থাই সদৰি কৰে যে, প্ৰতিটো হাতীৰ এটাকৈ চিট নিৰাপত্তাৰ বাবে বন বিভাগক এৰি দিয়াৰ নিৰ্দেশনা বন বিভাগে উঠাই লোৱাৰ পৰিপেক্ষিতত ২৫ ডিচেম্বৰৰ পুৱাৰ পৰা হাতী ছাফাৰী অব্যাহত ৰখাৰ সিদ্ধান্ত কৰা হৈছে ৷ লগতে পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’লে হাতী ছাফাৰী দুবাৰৰ ঠাইত তিনিবাৰ কৰাৰ সুবিধা প্ৰদান কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Also Read: কটন এলুমনাই ভৱনত ৩খন অনুবাদ গ্ৰন্থ উন্মোচন

elephant safari kaziranga national park kaziranga